মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Numerology : আপোনাৰ স্বাস্থ্যৰ সম্পৰ্কে আগতীয়াকৈ জানিব বিচাৰে নেকি! জন্মৰ দিন চাই নিউমাৰ'ল'জীয়ে দিব পাৰে স্বাস্থ্যৰ আগজাননী, জানোঁ আহক কেনেকৈ...

Numerology : আপোনাৰ স্বাস্থ্যৰ সম্পৰ্কে আগতীয়াকৈ জানিব বিচাৰে নেকি! জন্মৰ দিন চাই নিউমাৰ'ল'জীয়ে দিব পাৰে স্বাস্থ্যৰ আগজাননী, জানোঁ আহক কেনেকৈ...

Manjumoni Borah | News18-Assam
Updated:August 24, 2021, 8:34 PM IST
Numerology : আপোনাৰ স্বাস্থ্যৰ সম্পৰ্কে আগতীয়াকৈ জানিব বিচাৰে নেকি! জন্মৰ দিন চাই নিউমাৰ'ল'জীয়ে দিব পাৰে স্বাস্থ্যৰ আগজাননী, জানোঁ আহক কেনেকৈ...
নিউমাৰ'ল'জিয়ে আপোনাৰ জন্মদিন চায়েই কৈ দিব পাৰে কেতিয়া কি ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা হ'ব পাৰে আপোনাৰ!

নিউমাৰ'ল'জিয়ে আপোনাৰ জন্মদিন চায়েই কৈ দিব পাৰে কেতিয়া কি ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা হ'ব পাৰে আপোনাৰ!

  • Share this:
অংক জ্যোতিষ (Numerology), জ্যোতিষ বিজ্ঞানৰ এটা অংশ। এই বিজ্ঞানে দৈনিক গতি-বিধিৰ লগতে আমাৰ জীৱনত গ্ৰহ-গতিৰ প্ৰভাৱৰ বিষয়ে কয় বা অধ্যয়ন কৰে। অংক জ্যোতিষে আমাৰ ভৱিষ্যতে ঘটিব পৰা সম্ভাৱনা সম্পৰ্কে ব্যক্ত কৰে। অংক জ্যোতিষে  (Numerology) আপোনাৰ জন্মতিথিৰ ওপৰত নিৰ্ভৰ কৰি আপুনি ভৱিষ্যতে কেনে ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ মুখামুখি হব পাৰে জনায়। তেন্তে অংক জ্যোতিষনো কি জাঁনো আহক সবিশেষ।

অংক ১. যি কোনো মাহৰ 1, 10, 19 আৰু 28 তাৰিখে জন্ম গ্ৰহণ কৰা লোকৰ ওপৰত সূৰ্য্যৰ আধিপত্য, প্ৰভাৱ থাকে। জনা যায় যে এই কেইটা তিথিত জন্ম গ্ৰহণ কৰা লোকসকল সু-স্বাস্থ্যৰ অধিকাৰী হোৱাৰ লগতে ভাগ্যশালীও হয়। সূৰ্য্যক পিঠি, হৃদয়, ধমনী, মূৰ, যকৃত, আৰু পেটৰ ওপৰত আধিপত্য থাকে বুলি জনা যায়। সেয়েহে এই কেইটা তিথিত জন্ম গ্ৰহণ কৰা লোকৰ হৃদ ৰোগ, ৰক্ত সম্পৰ্কীয় সমস্যা যেনে হাই ব্লাড প্ৰেছাৰ বা ষ্ট্ৰোক আদিৰ সম্ভাৱনা বেছি বুলি কোৱা হয়।

অংক ২. যি কোনো মাহৰ 2, 11, 20, আৰু 29 তাৰিখে জন্ম গ্ৰহণ কৰা লোকৰ ওপৰত চন্দ্ৰমাৰ আধিপত্য থাকে। এই সকল লোক সাধাৰণতে দূৰ্বল বুলি জনা যায়। সেইবাবে পেট বা পাচন সম্পৰ্কীয় সমস্যা, বেয়া তেজ পৰিসঞ্চালনৰ বাবে সহজতে বেমাৰত পৰে। ইয়াৰ ভিতৰত এনিমিয়া, টোপনি নহা আদি উল্লেখ কৰিব পাৰি।

অংক ৩. যি কোনো মাহৰ 3, 12, 21 আৰু 30 তাৰিখে জন্ম গ্ৰহণ কৰা লোকৰ ওপৰত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ থাকে। বৃহস্পতিয়ে যকৃত, হাপানি আৰু মূৰৰ কাৰ্য নিয়ন্ত্ৰিত কৰে।সেইবাবে এই লোকসকল বুকু বা হাপানি, ছালৰ সমস্যা, ডায়েবেটিছ আদিত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। বৃহস্পতিয়ে নাৰ্ভাছ চিষ্টেমকো প্ৰভাৱিত কৰে।

অংক ৪. যি কোনো মাহৰ 4, 13, 22 বা 31 তাৰিখে জন্ম গ্ৰহণ কৰা লোকৰ ওপৰত ৰাহুৰ প্ৰভাৱ থাকে। ৰাহু এটা ছাঁয়া গ্ৰহ আৰু নিজৰ উত্থান-পতনৰ বাবে জনা যায়। এই তাৰিখত জন্ম গ্ৰহণ কৰা লোক সাধাৰণতে অৱসাদ বা শ্বাস প্ৰণালীৰ সমস্যাৰ মুখামুখি হ'ব লগা হয়।তাৰ ভিতৰত চৰ্দী, কাঁহ, হৃদৰোগ,আৰু মূত্ৰ সংক্ৰমণ আদি উল্লেখযোগ্য।

অংক ৫. যি কোনো মাহৰ 5, 14, বা 23 তাৰিখে জন্ম গ্ৰহণ কৰা লোকৰ ওপৰত বুধ গ্ৰহৰ আধিপত্য থাকে। বুধে বাণী, স্মৃতি, তন্ত্ৰিকা তন্ত্ৰ, নাসিকা ছিদ্ৰক নিয়ন্ত্ৰণ কৰে। এই সকল লোক অত্যাধিক মানসিক চিন্তাৰ বাবে উৎকণ্ঠাত ভোগে।চৰ্দী , কাঁহ,ছালৰ সমস্যাতো ভূগিব লগা হয়।

অংক ৬. যি কোনো মাহৰ 6, 15 বা 24 তাৰিখে জন্ম গ্ৰহণ কৰা লোকৰ ওপৰত শুক্ৰ গ্ৰহৰ প্ৰভাৱ থাকে। এই তাৰিখত জন্ম গ্ৰহণ কৰা লোকক ভাগ্যৰ তৰা বুলি জনা যায়। এনে লোক সাধাৰণতে স্বাস্থ্য সমন্ধীয় সমস্যা যেনে- উৎকণ্ঠা, নাক, ডিঙিৰ সংক্ৰমণ আদিৰ লগতে বৃদ্ধ অৱস্থাত হৃদৰোগ আৰু মহিলা সকলৰ ক্ষেত্ৰত স্তন সম্পৰ্কীয় সমস্যা বা ইনফ্লুৱেঞ্জাত আক্ৰান্ত হ'ব পাৰে।

অংক ৭. যি কোনো মাহৰ 7, 16 বা 25 তাৰিখে জন্ম গ্ৰহণ কৰা লোকৰ ওপৰত কেতুৰ আধিপত্য বিৰাজমান। এই সংখ্যাই অৱচেতন আৰু যাদু ইচ্ছাক দৰ্শায়।এই তাৰিখত জন্ম গ্ৰহণ কৰা লোকৰ বুঢ়া কালত গঠিয়া বা ৰক্ত পৰিসংচৰণ সমন্ধীয় সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে।

অংক ৮. যি কোনো মাহৰ 8, 17 বা 26 তাৰিখে জন্ম গ্ৰহণ কৰা লোকৰ ওপৰত শনি গ্ৰহৰ প্ৰভাৱ বিৰাজমান। শনিৰ দ্বাৰা শাসিত লোক সকল সদায় আত্মনিৰ্ভৰ বা আত্মনিৰ্মিত স্বভাৱৰ হোৱাৰ লগতে ভৱিষ্যত বক্তা হয়।ব্লাড প্ৰেছাৰ, দাঁতৰ বিষ, মূৰৰ বিষ আদি স্বাস্থ্য সমন্ধীয় সমস্যাত ভোগা দেখা যায়।

অংক ৯. যি কোনো মাহৰ 9, 18, বা 27 তাৰিখে জন্ম গ্ৰহণ কৰা লোকৰ ওপৰত মংগল গ্ৰহৰ আধিপত্য থাকে। এই সকল লোক অতি সংবেদনশীল হয়। মংগল মূৰ, চেহেৰা, মূত্ৰাশয় প্ৰজনন অংগ, আৰু পৰিসংচৰণ নিয়ন্ত্ৰণৰ কাৰণে জনা যায়। সেই বাবে 9 সংখ্যাৰ লোকসকল সাধাৰণতে সকলো প্ৰকাৰৰ জ্বৰ, কিডনিৰ সমস্যা, ডিঙি সমন্ধীয় সমস্যা আদিত আক্ৰান্ত হ'ব পাৰে।
Published by: Manjumoni Borah
First published: August 24, 2021, 8:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি