যদি আপুনি বিচাৰে যে আপোনাৰ পত্নীও আত্মনিৰ্ভৰশীল হওক তেন্তে আপোনাৰ অনুপস্থিতিত ঘৰলৈ দৈনিক উপাৰ্জন আৰু ভৱিষ্যতে আপোনাৰ পত্নীয়ে টকাৰ বাবে কাৰো ওচৰত হাত পাতিব নলগাকৈ আজিয়ে তেওঁৰ উপাৰ্জনৰ ব্যৱস্থা কৰিব পাৰে। ইয়াৰ বাবে আপুনি National Pension Scheme বিনিয়োগ কৰা উচিত।
আপোনাৰ পত্নীৰ নামত National Pension Scheme (NPS) একাউণ্ট খুলিব পাৰে। NPS একাউণ্টে আপোনাৰ পত্নীক ৬০ বছৰ পিছত সমগ্ৰ জীৱনৰ বাবে আৰ্থিক সহায় প্ৰদান কৰিব। লগতে প্ৰতিমাহে তেওঁ পেঞ্চন হিচাপে লাভ কৰিব ধন। ইমানেই নহয়, এনপিএছ একাউণ্টৰ সৈতে আপুনি এয়াও নিৰ্ণয় কৰিব পাৰে যে আপোনাৰ পত্নীয়ে প্ৰতিমাহে কিমান টকা পেঞ্চন পাব। ইয়াৰ পৰা আপোনাৰ পত্নীৰ ৬০ বছৰ বয়সৰ পিছত টকাৰ বাবে কাৰো ওচৰত হাত পাতিব নালাগিব। আহক জানো ইয়াৰ বিষয়ে বিশদভাৱে।
বিনিয়োগ কৰা খুবেই সহজ
আপুনি নিউ পেঞ্চন ছিষ্টেম একাউণ্টত নিজৰ সুবিধা অনুসৰি প্ৰতিমাহে বা বছৰি টকা জমা কৰিব পাৰে। আপুনি কেৱল ১০০০ টকাৰ পৰা নিজৰ পত্নীৰ নামত জমা কৰিব পাৰে। ৬০ বছৰ বয়সৰ পিছত NPS একাউণ্ট মেচিউৰিটী হয়। নতুন নিয়ম অনুসৰি, যদি আপুনি বিচাৰে তেন্তে পত্নীৰ বয়স ৬৫ বছৰ হোৱালৈ এই একাউণ্ট চলাব পাৰে।
৪৫ হাজাৰলৈ মাহিলি উপাৰ্জন
উদাহৰণস্বৰূপে, যদি আপোনাৰ পত্নীৰ বয়স ৩০ বছৰ আৰু আপুনি তেওঁৰ NPS একাউণ্টত প্ৰতিমাহে ৫০০০ টকাকৈ বিনিয়োগ কৰে, যদি তেওঁ এই বিনিয়োগত বছৰি ১০ শতাংশ ৰিটাৰ্ণ পায় তেন্তে ৬০ বছৰ বয়সত তেওঁৰ একাউণ্টত মুঠ ১.১২ কোটি টকা থাকিব। ইয়াৰ পৰা তেওঁ প্ৰায় ৪৫ লাখ টকা পাব। ইয়াৰ উপৰি তেওঁ মাহিলি প্ৰায় ৪৫,০০০ টকাৰ পেঞ্চন লাভ কৰিব। গুৰুত্বপূৰ্ণ কথাটো হ’ল এই পেঞ্চন তেওঁ আজীৱন লাভ কৰিব।
কিমান পাব টকা আৰু পেঞ্চন
বয়স – ৩০ বছৰ
বিনিয়োগৰ মুঠ সময় – ৩০ বছৰ
মাহিলি জমা – ৫০০০ টকা
বিনিয়োগৰ ওপৰত আনুমানিক ৰিটাৰ্ণ – ১০ শতাংশ
মুঠ পেঞ্চন ফাণ্ড – ১,১১,৯৮,৪৭১ টকা
এনুইটি প্লান কিনাৰ বাবে ৰাশি – ৪৪,৭৯,৩৮৮ টকা
আনুমানিক এনুইটি ৰেট ৮ শতাংশ – ৬৭,১৯,০৮৩ টকা
মাহিলি পেঞ্চন – ৪৪,৭৯৩ টকা।
NPS কেন্দ্ৰীয় চৰকাৰৰ ছচিয়েল ছিকিউৰিটী স্কীম (Social Security Scheme)। এই আঁচনিত আপোনাৰ যি টকা বিনিয়োগ কৰে তাৰ ব্যৱস্থাপনা প্ৰফেচনেল ফাণ্ড মেনেজাৰে কৰে। কেন্দ্ৰীয় চৰকাৰে এই প্ৰফেচনেল ফাণ্ড মেনেজাৰক ইয়াৰ দায়িত্ব দিয়ে। অৰ্থাৎ এনপিএছত বিনিয়োগ কৰিলে আপোনাৰ ধন সম্পূৰ্ণৰূপে সুৰক্ষিত।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|