• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • NPS Scheme: কিমান টকা বিনিয়োগ কৰিলে অৱসৰৰ পিছত প্ৰতিমাহে ৫০ হাজাৰ টকাৰ পেঞ্চন লাভ কৰিব?

NPS Scheme: কিমান টকা বিনিয়োগ কৰিলে অৱসৰৰ পিছত প্ৰতিমাহে ৫০ হাজাৰ টকাৰ পেঞ্চন লাভ কৰিব?

ৰিটায়াৰমেণ্টৰ সময়ত ডাঙৰ ফাণ্ডৰ লগতে ৰেগুলাৰ পেঞ্চনৰ বাবে নেচনেল পেঞ্চন আঁচনি এক অন্যতম অপশ্যন হ'ব পাৰে।

ৰিটায়াৰমেণ্টৰ সময়ত ডাঙৰ ফাণ্ডৰ লগতে ৰেগুলাৰ পেঞ্চনৰ বাবে নেচনেল পেঞ্চন আঁচনি এক অন্যতম অপশ্যন হ'ব পাৰে।

ৰিটায়াৰমেণ্টৰ সময়ত ডাঙৰ ফাণ্ডৰ লগতে ৰেগুলাৰ পেঞ্চনৰ বাবে নেচনেল পেঞ্চন আঁচনি এক অন্যতম অপশ্যন হ'ব পাৰে।

  • Share this:
চাকৰিৰ লগতে অৱসৰৰ সঠিক পৰিকল্পনা কৰাও প্ৰয়োজন। যদি আপুনি চাকৰি কৰি থকাৰ সময়তে অৱসৰৰ সময়ৰ বাবে পৰিকল্পনা নকৰে তেন্তে এটা সময়ত সমস্যাত পৰিব পাৰে। সকলোৱে কোনো আৰ্থিক সীমাবদ্ধতা অবিহনে বৃদ্ধ বয়সত ভালদৰে জীয়াই থাকিব বিচাৰে। ইয়াৰ বাবে, দৰমহাৰ দৰে নিয়মীয়া উপাৰ্জন বজাই ৰখাটো প্ৰয়োজনীয়।

ৰিটায়াৰমেণ্টৰ সময়ত ডাঙৰ ফাণ্ডৰ লগতে ৰেগুলাৰ পেঞ্চনৰ বাবে নেচনেল পেঞ্চন আঁচনি এক অন্যতম অপশ্যন হ'ব পাৰে।

যদি ২১ বছৰ বয়সৰ পৰা বিনিয়োগ আৰম্ভ কৰেঃ

যদি বিনিয়োগকাৰীৰ গড় বয়স ২১ বছৰ হয় আৰু তেওঁ মাহিলী ৪,৫০০ টকা বিনিয়োগ কৰে, তেন্তে তেওঁ ২১ বছৰ বয়সৰ পৰা ৬০ বছৰ বয়সলৈকে ৩৯ বছৰ বিনিয়োগ কৰিব। অৰ্থাৎ তেওঁ বছৰি ৫৪,০০০ টকা বিনিয়োগ কৰিব আৰু ৩৯ বছৰত আঁচনিখনত ২১.০৬ লাখ টকা বিনিয়োগ কৰা হ'ব। যদি ১০ শতাংশ ৰিটাৰ্ণ লাভ কৰে, ই মেচিউৰিটীৰ সময়ত ২.৫৯ কোটি টকা হ'ব। অৰ্থাৎ, আপুনি অৱসৰ ল'লে প্ৰতি মাহে ৫১,৮৪৮ টকাৰ পেঞ্চন পাব।

ৰিটায়াৰমেণ্টত পাব ১.৫৬ কোটি টকাঃ

এন.পি.এছ.-ত, যদি আপুনি এনুইটিৰ ৪০ শতাংশ লয় আৰু বাৰ্ষিক হাৰ ৬ শতাংশ হয়, তেনেহ'লে অৱসৰৰ পিছত আপুনি এবাৰত ১.৫৬ কোটি টকা পাব। তেতিয়া ১.০৪ কোটি এনুইটিলৈ যাব। এতিয়া এই বাৰ্ষিক পৰিমাণৰ সৈতে, আপুনি প্ৰতি মাহে ৫১,৮৪৮ টকাৰ পেঞ্চন পাব। এনুইটিৰ পৰিমাণ যিমানে বেছি হ'ব, আপুনি পেঞ্চন সিমানে বেছি পাব।

অনলাইনৰ মাধ্যেমেৰে খোলক এনপিএছ একাউণ্টঃ

1.Enps.nsdl.com/eNPS বা Nps.karvy.com লিংকত ক্লিক কৰক।
2. নতুন পঞ্জীয়নত ক্লিক কৰক আৰু আপোনাৰ বিৱৰণ আৰু ম'বাইল নম্বৰ এণ্টাৰ কৰক। আপোনাৰ ম'বাইল নম্বৰটো ওটিপিৰ সৈতে প্ৰমাণিত হ'ব। বেঙ্ক একাউণ্টৰ বিৱৰণ পূৰণ কৰক।

3. আপোনাৰ পৰ্টফলিঅ' আৰু ফাণ্ড বাছনি কৰক।
4. মনোনীত ব্যক্তিৰ নাম এণ্টাৰ কৰক।
5. আপুনি যি একাউণ্টৰ বাবে পূৰণ কৰিছে তাৰ কেনচেল চেক এখন দিব লাগিব। লগতে ফটোগ্ৰাফ আৰু স্বাক্ষৰ আপলোড কৰিব লাগিব।

6. আপুনি এনপিএছত আপোনাৰ বিনিয়োগ কৰিব লাগিব।

7.পৰিশোধ কৰাৰ পিছত, আপোনাৰ স্থায়ী অৱসৰ একাউণ্ট নম্বৰ সৃষ্টি কৰা হ'ব। আপুনি পৰিশোধৰ ৰচিদো লাভ কৰিব।

8.বিনিয়োগ কৰাৰ পিছত, 'ই-ছাইন/প্ৰিণ্ট পঞ্জীয়ন প্ৰপত্ৰ' পেজলৈ যাওক। ইয়াত আপুনি পেন আৰু নেটবেঙ্কিঙৰ সৈতে পঞ্জীয়ন কৰিব পাৰে।

9.আপোনাৰ কেৱাইচি হৈ যাব। পঞ্জীয়ন কৰোতে, নিশ্চিত কৰিব যে ই আপোনাৰ বেংক একাউণ্টৰ বিৱৰণৰ সৈতে মিলে।

10. বৰ্তমান ২২টা বেংক এনপিএছৰ অৱলাইন সুবিধা আগবঢ়াইছে। এই তথ্য এনএছডিএল ৱেবছাইটত পোৱা যাব।
Published by:Himangshu Bhuyan
First published: