মাহিলী ৬০ হাজাৰ পৰ্যন্ত পাব পেঞ্চন, কেনেকৈ লাভ কৰিব মোদী চৰকাৰৰ এই আঁচনিৰ সুবিধা?

নেচনেল পেঞ্চন ছিষ্টেমৰ সুবিধা ১৮ৰ পৰা ৬০ বছৰ বয়সৰ সকলো বেতনভোগী লোকে ল’ব পাৰে। প্ৰথমে এয়া কেৱল চৰকাৰী কৰ্মচাৰীৰ বাবে আছিল, কিন্তু ২০০৯ চনৰ পৰা ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলৰ বাবেও এয়া সুবিধা প্ৰদান কৰা হয়।

news18assam
Updated:June 7, 2019, 10:04 AM IST
মাহিলী ৬০ হাজাৰ পৰ্যন্ত পাব পেঞ্চন, কেনেকৈ লাভ কৰিব মোদী চৰকাৰৰ এই আঁচনিৰ সুবিধা?
নেচনেল পেঞ্চন ছিষ্টেমৰ সুবিধা ১৮ৰ পৰা ৬০ বছৰ বয়সৰ সকলো বেতনভোগী লোকে ল’ব পাৰে। প্ৰথমে এয়া কেৱল চৰকাৰী কৰ্মচাৰীৰ বাবে আছিল, কিন্তু ২০০৯ চনৰ পৰা ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলৰ বাবেও এয়া সুবিধা প্ৰদান কৰা হয়।
news18assam
Updated: June 7, 2019, 10:04 AM IST
কম বয়সত বিনিয়োগ অধিক লাভজনক। সেয়েহে আপুনি এনেকুৱা আঁচনি নিৰ্বাচন কৰা প্ৰয়োজন, যিটোৱে ভৱিষ্যতে আপোনাৰ আৰ্থিক স্থিতি সবল কৰি ৰাখিব পাৰে। সুৰক্ষিত ভৱিষ্যতৰ বাবে আপুনি কেন্দ্ৰীয় চৰকাৰৰ নেচনেল পেঞ্চন ছিষ্টেম (NPS) আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰে। ইয়াৰ বাবে আপুনি বহুত বেছি বিনিয়োগ কৰাৰো প্ৰয়োজন নাই। প্ৰতিমাহে মাত্ৰ ৫০০০ টকা বিনিয়োগ কৰি অৱসৰৰ পিছত আপুনি লাভ কৰিব পাৰে ৬০ হাজাৰ পৰ্যন্ত পেঞ্চন। লগতে পাব ২৩ লাখ টকাৰ এককালীন ধন।

নেচনেল পেঞ্চন ছিষ্টেমৰ সুবিধা ১৮ৰ পৰা ৬০ বছৰ বয়সৰ সকলো বেতনভোগী লোকে ল’ব পাৰে। প্ৰথমে এয়া কেৱল চৰকাৰী কৰ্মচাৰীৰ বাবে আছিল, কিন্তু ২০০৯ চনৰ পৰা ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলৰ বাবেও এয়া সুবিধা প্ৰদান কৰা হয়।

নেচনেল পেঞ্চন ছিষ্টেমত জমা কৰা ধনৰ বিনিয়োগৰ দয়িত্ব পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেল’পমেণ্ট (PFRDA)ৰ দ্বাৰা ৰেজিষ্টাৰ্ড পেঞ্চন ফাণ্ড মেনেজাৰক দিয়া হয়। এই ফাণ্ড মেনেজাৰে আপোনাৰ ধন ইকুইটী, গভৰ্ণমেণ্ট ছিকিউৰিটিজ আৰু নন গভৰ্ণমেণ্ট ছিকিউৰিটিজৰ উপৰি ফিক্সড ইনকাম ইনষ্ট্ৰুমেণ্টত বিনিয়োগ কৰে।

যদি আপুনি এই আঁচনিত ২৫ বছৰ বয়সত বিনিয়োগ কৰে তেন্তে ৬০ বছৰলৈ অৰ্থাৎ ৩৫ বছৰ আপুনি প্ৰতিমাহে ৫ হাজাৰ টকাকৈ জমা কৰিব লাগিব। আপুনি জমা কৰা মুঠ ধনৰ পৰিমাণ হ’ব ২১ লাখ টকা। NPSত মুঠ বিনিয়োগৰ ওপৰত যদি আনুমানিক ৰিটাৰ্ণ ৮ শতাংশ ধৰা হয় তেন্তে মুঠ কোপাৰ্ছ ১.১৫ কোটি টকা হ’ব। ইয়াৰ ভিতৰত ৮০ শতাংশ এনিউটী কিনিলে প্ৰায় ৯৩ লাখ টকা হ’ব। লাম্প ছম ভেল্যু প্ৰায় ২৩ লাখ টকা হ’ব। এনিউটি ৮ শতাংশ হ’লে ৬০ বছৰ বয়সৰ পিছত প্ৰতিমাহে প্ৰায় ৬১ হাজাৰ টকাকৈ পাব। ইয়াৰ উপৰি পাব ২৩ লাখ টকাৰ অতিৰিক্ত ফাণ্ড।

NPS আঁচনিৰ বাবে আপনি নিকটৱৰ্তী বেংকত গৈ একাউণ্ট খুলিব পাৰে। ইয়াৰ বাবে আপোনাৰ জন্মৰ প্ৰমাণপত্ৰ, স্থায়ী ঠিকনাৰ প্ৰমাণ আৰু পৰিচয় পত্ৰ দেখুৱাব লাগিব। বেংকতে পাব পঞ্জীয়ন পত্ৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি