বিফল হোৱা লেনদেনৰ ধন সময়ত ঘূৰাই নিদিলে গ্ৰাহকক প্ৰতিদিনে ১০০ টকা জৰিমনা দিব লাগিব বেংকে!

ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংক সমূহৰ টাৰ্ন এৰাউণ্ডৰ সন্দৰ্ভত গ্ৰহণ কৰিছে এক নতুন পদক্ষেপ

News18-Assam
Updated:September 29, 2019, 10:44 PM IST
বিফল হোৱা লেনদেনৰ ধন সময়ত ঘূৰাই নিদিলে গ্ৰাহকক প্ৰতিদিনে ১০০ টকা জৰিমনা দিব লাগিব বেংকে!
Source-Google
News18-Assam
Updated: September 29, 2019, 10:44 PM IST
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনা। ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংক সমূহৰ টাৰ্ন এৰাউণ্ডৰ সন্দৰ্ভত গ্ৰহণ কৰিছে এক নতুন পদক্ষেপ। অনলাইন লেনদেনত থকা জটিলতা দূৰ কৰাৰ বাবে গ্ৰহণ কৰা হৈছে এই নতুন সিদ্ধান্ত। নতুন নিয়ম অনুসৰি বেংকে নিৰ্দিষ্ট সময়ৰ ভিতৰত লেনদেনৰ সময়ত বিফল হোৱা ধন ঘূৰাই নিদিলে বেংক আৰু ডিজিটেল ৱালেট সমূহে প্ৰতি দিনে ১০০ টকাকৈ জৰিমণা দিব লাগিব গ্ৰাহকক। এই কথা ভাৰতীয় ৰিজাৰ্ভ বেংকে এক জাননী যোগে জাৰি কৰিছে।

উল্লেখযোগ্য যে ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংক সমূহক গ্ৰাহকে ডিজিটেল লেনদেনৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা সমূহ অতি সোনকালে সমাধান কৰাৰ বাবে নিৰ্দেশ দিয়ে।সেইদৰে লেনদেনত থকা আঁসোৱাহ দূৰ কৰিবলৈ গ্ৰহণ কৰা হৈছে এই নতুন সিদ্ধান্ত।
আৰু চাওক পৰৱৰ্তী বাতৰি