১০ বজাত নহয়, এতিয়া পুৱা ৯ বজাতে খুলিব সকলো চৰকাৰী বেংক, ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব নতুন সময়!

যিসমূহ ঠাইত গ্ৰাহকে পলমকৈ বেংক সেৱা বিচাৰে, সেই স্থানসমূহত ১০ বা ১১ বজাত বেংক খোলাৰ বিকল্প থাকিব।

News18-Assam
Updated:August 12, 2019, 9:13 AM IST
১০ বজাত নহয়, এতিয়া পুৱা ৯ বজাতে খুলিব সকলো চৰকাৰী বেংক, ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব নতুন সময়!
যিসমূহ ঠাইত গ্ৰাহকে পলমকৈ বেংক সেৱা বিচাৰে, সেই স্থানসমূহত ১০ বা ১১ বজাত বেংক খোলাৰ বিকল্প থাকিব।
News18-Assam
Updated: August 12, 2019, 9:13 AM IST
বেংকৰ গ্ৰাহকসকলৰ বাবে ভাল খবৰ। সাধাৰণতে চৰকাৰী বেংকৰ কাম–কাজ পুৱা ১০ বজাৰ পিছত আৰম্ভ হয়। শেহতীয়াকৈ বিত্ত মন্ত্ৰণালয়ৰ বেংকিং ডিভিজনে সিদ্ধান্ত লৈছে যে সকলো চৰকাৰী আৰু আঞ্চলিক গ্ৰামীণ বেংক পুৱা ৯ বজাত খোলা হ’ব। দেশজুৰি বেংক খোলাৰ সময় একেই কৰাৰ বাবে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ৰ বেংকিং ডিভিজনে জুনত বৈঠক অনুষ্ঠিত কৰিছিল। এই বৈঠকত সিদ্ধান্ত হৈছিল যে বেংকৰ শাখাসমূহ গ্ৰাহকৰ সুবিধা অনুযায়ী খোলা উচিত। এই বৈঠকতে বেংক খোলাৰ সময় সালসলনিত অনুমোদন জনোৱা হয়।

IBAই ২৪ জুনত গ্ৰাহকৰ সুবিধাক লৈ গঠিত উপ–সমিতিৰ বৈঠকত বেংকৰ শাখাসমূহ খোলাৰ সময়ৰ ক্ষেত্ৰত বাবে তিনিটা বিকল্প প্ৰদান কৰে। প্ৰথমটো পুৱা ৯ বজাৰ পৰা বিয়লি ৩ বজালৈ, দ্বিতীয়টো পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ আৰু তৃতীয়টো পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ। IBAই বেংকসমূহক ৩১ আগষ্টৰ ভিতৰত জিলা পৰ্যায়ৰ গ্ৰাহক সমন্বয় সমিতিৰ বৈঠক অনুষ্ঠিত কৰি সময় নিৰ্ধাৰণ কৰাৰ লগতে তাৰ তথ্য স্থানীয় বাতৰি কাতত প্ৰকাশ কৰাৰ নিৰ্দেশ দিছে।

যিসমূহ ঠাইত গ্ৰাহকে পলমকৈ বেংক সেৱা বিচাৰে, সেই স্থানসমূহত ১০ বা ১১ বজাত বেংক খোলাৰ বিকল্প থাকিব। এই সিদ্ধান্ত বৰ্তমন চৰকাৰী আৰু আঞ্চলিক গ্ৰামীণ বেংকৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। বেংক খোলাৰ নতুন সময় ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি