আকৌ শংকা! এইবাৰ কোৰোণাত আৰোগ্য হোৱাসকল আক্ৰান্ত হৈছে হাৰ্পিছ, চুলি সৰা আৰু নখৰ বিভিন্ন ৰোগত

News18 Assam | News18-Assam
Updated:June 9, 2021, 11:04 AM IST
আকৌ শংকা! এইবাৰ কোৰোণাত আৰোগ্য হোৱাসকল আক্ৰান্ত হৈছে হাৰ্পিছ, চুলি সৰা আৰু নখৰ বিভিন্ন ৰোগত
কোৰোণা সংক্ৰমণৰ বিপৰীতে সুস্থ হোৱা লোকৰ সংখ্যাই অভিলেখ গঢ়িলেও কিন্তু শেহতীয়াকৈ পোহৰলৈ আহিছে এক ভয়ংকৰ খবৰ।

কোৰোণা সংক্ৰমণৰ বিপৰীতে সুস্থ হোৱা লোকৰ সংখ্যাই অভিলেখ গঢ়িলেও কিন্তু শেহতীয়াকৈ পোহৰলৈ আহিছে এক ভয়ংকৰ খবৰ।

  • Share this:
দেশত কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ (Coronavirus) গতি ক্ৰমাগতভাৱে হ্ৰাস পাইছে। মঙলবাৰে এপ্ৰিল মাহৰ পিছত প্ৰথমবাৰৰ বাবে দেশত ১ লাখতকৈ কম সংখ্যক লোকৰ দেহত পোৱা গৈছে কোৰোণাৰ অৱস্থিতি। সমান্তৰালকৈ মৃত্যুৰ সংখ্যাও হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। এই ভাল খবৰৰ মাজতে আহিছে এক ভয়ংকৰ খবৰ। কোৰোণাৰ পৰা আৰোগ্য হোৱাৰ পিছত নখ আৰু চুলিৰ বিভিন্ন ৰোগত ভুগিছে কোৰোণাক পৰাজিত কৰা একাংশ ৰোগী। কিছুমান ৰোগীৰ ক্ষেত্ৰত আকৌ হাৰ্পিছৰ (Herpes) সমস্যাও দেখিবলৈ পোৱা গৈছে। বিশেষজ্ঞসকলে কৈছে যে মানুহৰ শৰীৰত দেখা দিয়া এই লক্ষণবোৰ কেতিয়াও উপেক্ষা কৰা উচিত নহয়।

মুম্বাই, দিল্লী আৰু দেশৰ অন্য ডাঙৰ চহৰৰ চিকিৎসকসকলে কয় যে কোৰোণা ভাইৰাছৰ পৰা আৰোগ্য হোৱাৰ পিছত চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি যোৱা লোকসকলৰ ক্ষেত্ৰত ছালৰ ৰোগৰ খবৰ পোৱা গৈছে। এই ৰোগবোৰৰ ভিতৰত আটাইতকৈ সচৰাচৰ হৈছে হাৰ্পিছ। বেছিভাগ ৰোগীৰ ক্ষেত্ৰতেই ইয়াৰ লক্ষণ দেখা গৈছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপ'লো চিকিৎসালয়ৰ জ্যেষ্ঠ চৰ্ম বিশেষজ্ঞ ড০ ডি এম মহাজনে উল্লেখ কৰে যে বহুতো ৰোগীৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে হাৰ্পিছ পোহৰলৈ আহিছে। অৱশ্যে কিছুমান ৰোগী ইতিমধ্যেই হাৰ্পিছত ভুগি আছে। এইটো তেওঁলোকৰ দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে হয়।

মুম্বাইৰ চৰ্মৰোগ বিশেষজ্ঞ আৰু চুলি সংৰোপণ শল্য চিকিৎসক ডাঃ সোণালী কোহলীয়েও এই বিষয়ে অৱগত কৰিছে। তেওঁ কয় যে কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ফলত দুৰ্বল হোৱা ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে বহুতো ৰোগীৰ ক্ষেত্ৰত ছালৰ লগতে চুলি আৰু নখৰ ৰোগ পোহৰলৈ আহিছে।

তেওঁৰ মতে, কোৰোণাৰ পৰা আৰোগ্য হোৱা ৰোগীসকলে হাৰ্পিছ, চুলি সৰা আৰু নখৰ ৰোগৰ সন্মুখীন হৈছে। নখৰ ৰোগ থকা ৰোগীসকলৰ ক্ষেত্ৰতো মেলানোনিচিয়া দেখা গৈছে। সেয়ে বিশেষজ্ঞসকলে কয় যে মানুহে এই লক্ষণবোৰ উপেক্ষা কৰা উচিত নহয় আৰু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো জৰুৰী।

উল্লেখ্য যে, পূৰ্বৰ তুলনাত দেশত ক্ৰমাগতভাৱে হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশত ৯২,৫৯৬ গৰাকীৰ দেহত চিনাক্ত হয় কোৰোণা ভাইৰাছ। ইফালে, আক্ৰান্তৰ বিপৰীতে বিগত ২৪ ঘণ্টাত সুস্থ হৈ উঠা লোকৰ সংখ্যা অধিক। মঙলবাৰৰ দিনটোত ১ লাখ ৬২ হাজাৰ লোকে কোৰোণাত সুস্থ হৈ ঘৰমুৱা হৈছে। দেশত সংক্ৰমণৰ হাৰ কমিলেও কিন্তু সুস্থ হোৱা লোকৰ ক্ষেত্ৰত দেখা দিয়া নতুন নতুন লক্ষণে এতিয়া চিন্তিত কৰি তুলিছে সকলোকে।
Published by: Sanjay Kumar Das
First published: June 9, 2021, 11:01 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি