মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Vaccine Slot Booking in WhatsApp : কেন্দ্ৰৰ ডাঙৰ ঘোষণা! এতিয়াৰে পৰা WhatsAppত বুকিং কৰিব পাৰিব ভেকচিন শ্লট!

Vaccine Slot Booking in WhatsApp : কেন্দ্ৰৰ ডাঙৰ ঘোষণা! এতিয়াৰে পৰা WhatsAppত বুকিং কৰিব পাৰিব ভেকচিন শ্লট!

WhatsAppৰ ফালৰ পৰাও এই সন্দৰ্ভত টুইট কৰি আনুষ্ঠানিকভাৱে বিবৃত্তি দিয়া হৈছে।

WhatsAppৰ ফালৰ পৰাও এই সন্দৰ্ভত টুইট কৰি আনুষ্ঠানিকভাৱে বিবৃত্তি দিয়া হৈছে।

  • Share this:
এতিয়াৰে পৰা WhatsAppতে বুকিং কৰিব পাৰিব কোৰোণা প্ৰতিষেধকৰ লোৱাৰ দিন। এই কথা সদৰি কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। স্বাস্থ্য মন্ত্ৰণালয়ে অনুমান কৰিছে, ইয়াৰ ফলত আৰু সহজ হ’ব ভেকচিন লোৱা প্ৰক্ৰিয়া। ভেকচিন কেন্দ্ৰত ভিৰ কমিব। সমগ্ৰ দেশজুৰি আৰম্ভ হৈছে এই সেৱা।

WhatsAppৰ ফালৰ পৰাও এই সন্দৰ্ভত টুইট কৰি আনুষ্ঠানিকভাৱে বিবৃত্তি দিয়া হৈছে। WhatsAppৰ চিইঅ’ উইল কেথকাৰ্টে টুইটাৰযোগে জনাইছে, ভাৰত চৰকাৰৰ সৈতে সংস্থাটোৰ চুক্তি হৈছে যাতে আগন্তুক দিনত এই এপ ব্যৱহাৰ কৰি মানুহে ভেকচিনৰ এপইণ্টমেণ্ট ল’ব পাৰিব।


জনা গৈছে, ৯১৯০৯৩১৫১৫১৫ নম্বৰত হোৱাটছএপ কৰি শ্লট বুক কৰিব পাৰিব। এটা অ’টিপি প্ৰেৰণ কৰা হ’ব চেটবটৰ জৰিয়তে। পৰৱৰ্তী পদক্ষেপসমূহ অনুসৰণ কৰিলেই সুবিধাজনক স্থান বাচি ল’ব পাৰিব ভেকচিন লোৱাৰ বাবে।

শেহতীয়া বাতৰি