
মঙলবাৰৰ পৰা দেশজুৰি থকা ভাৰত গেছ ব্ৰেণ্ডৰ গ্ৰাহকসকলে WhatsAppৰ জৰিয়তে মেছেজ কৰি গেছৰ চিলিণ্ডাৰ বুকিং কৰিব পাৰিব।
মঙলবাৰৰ পৰা দেশজুৰি থকা ভাৰত গেছ ব্ৰেণ্ডৰ গ্ৰাহকসকলে WhatsAppৰ জৰিয়তে মেছেজ কৰি গেছৰ চিলিণ্ডাৰ বুকিং কৰিব পাৰিব।
ৰন্ধন গেছৰ উপভোক্তাসকলৰ বাবে সুখবৰ। এতিয়াৰে পৰা গ্ৰাহকসকলে ভাৰত পেট্ৰ’লিয়ামৰ চিলিণ্ডাৰ বুকিং কৰিব পাৰিব WhatsAppৰ যোগেদি। এই ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেশ্যন লিমিটেডে। WhatsAppৰ জৰিয়তে ভাৰত গেছৰ চিলিণ্ডাৰ বুকিং কৰিবলৈ BPCL স্মাৰ্টলাইন নম্বৰ ১৮০০২২৪৩৪৪ নম্বৰটো গ্ৰাহকে নিজৰ স্মাৰ্টফোনত ছেভ কৰি পঞ্জীয়ন কৰি ল’ব লাগিব। আৰু এই নম্বৰলৈ ‘BOOK’ অথবা ‘1’ লিখি WhatsAppত প্ৰেৰণ কৰিব লাগিব আৰু লগে লগে গ্ৰাহকে বুকিং নিশ্চিকৰণৰ এটা মেছেজ লাভ কৰিব।
মঙলবাৰৰ পৰা দেশজুৰি থকা ভাৰত গেছ ব্ৰেণ্ডৰ গ্ৰাহকসকলে WhatsAppৰ জৰিয়তে মেছেজ কৰি গেছৰ চিলিণ্ডাৰ বুকিং কৰিব পাৰিব। গ্ৰাহকে WhatsAppৰ জৰিয়তে চিলিণ্ডাৰ বুকিং কৰাৰ লগে লগে বুকিং নিশ্চিতকৰণৰ এটা মেচেজ পাব আৰু সেই মেছেজৰ লিংকৰ জৰিয়তে অগ্ৰিম বিলো পৰিশোধ কৰিব পাৰিব গ্ৰাহকসকলে। ইয়াৰ দ্বাৰা গ্ৰাহকসকল যথেষ্ট উপকৃত হ’ব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|