বহু অঞ্চলত সৰ্বসাধাৰণ লোকে ATMৰ পৰা পইচা উলিয়াবলৈ বহু দূৰলৈ যাবলগীয়া হয়। ইয়াৰ কাৰণ হৈছে ATMৰ অভাৱ। কনফেডাৰেচন অব এটিএম ইণ্ডাষ্ট্ৰী (CATMi)ৰ মতে, ছফ্টৱেৰ আৰু আপগ্ৰেডেচনৰ উচ্চ মেনেজমেণ্ট খৰচৰ পৰিমাণ কমাবলৈ ৫০ শতাংশ এ টি এম আঁতৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে।
ATMৰ সৈতে জড়িত সমস্যা লাঘৱ কৰিবলৈ Spice Money–এ এক বিকল্প লেনদেন ফ্ৰেমৱৰ্কৰ বিকাশ কৰাৰ পৰামৰ্শ দিছে। দেশত দ্ৰুতগতিত ডিজিটেল প্ৰযুক্তিৰ বিকাশ সাধন হৈছে কিন্তু গ্ৰাম্য অঞ্চলত এতিয়াও ATM বিচাৰি দূৰ–দূৰলৈ যাবলগীয়া হৈ আছে। প্রধানমন্ত্ৰী জন ধন যোজনাৰ ফলত গ্ৰামাঞ্চলত বেংক একাউণ্টৰ সংখ্যা বাঢ়িছে কিন্তু ATMৰ সংখ্যা বৃদ্ধি হোৱা নাই। স্পাইচ মানিৰ মাইক্ৰ’ এটিএমে এই অভাৱ দূৰ কৰাৰ কাম কৰি আছে। স্পাইচ মানি স্পাইচ ডিজিটেলৰ এক ব্যৱসায়িক গোট যিয়ে স্থানীয় বিক্ৰেতা আৰু গেলামালৰ দোকানক একধৰণে বেংকৰ শাখালৈ ৰূপান্তৰ কৰি আছে। এয়া আধাৰ এনেবল পে’মেণ্ট ছিষ্টেম (AePS System), য’ত যিকোনো লোকে মাত্ৰ নিজৰ আঙুলিৰ চাপৰ জৰিয়তে প্ৰাথমিক বেংকিং সেৱা লাভ কৰিব পাৰে। যেনে ধন উলিওৱা, ধন জমা কৰা, বেলেঞ্চ এনকুৱেৰী, আধাৰ টু আধাৰ ফাণ্ড ট্ৰান্সফাৰ, মিনি ষ্টেটমেণ্ট আদি সেৱা লাভ কৰিব পাৰে এই ব্যৱস্থাৰ জৰিয়তে।