உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Viral Video : ধূৰ্ত কাছই নাকটি ছিঙিলে প্ৰকাণ্ড কুকুৰৰ, কুকুৰটোৱে কি কৰিলে, বহুতৰ মতে ২০২১ৰ মজাৰ ভিডিঅ' এইটো!

    Viral Video : ধূৰ্ত কাছই নাকটি ছিঙিলে প্ৰকাণ্ড কুকুৰৰ, কুকুৰটোৱে কি কৰিলে, বহুতৰ মতে ২০২১ৰ মজাৰ ভিডিঅ' এইটো!

    কাছ আৰু কুকুৰৰ যুদ্ধ!

    কাছ আৰু কুকুৰৰ যুদ্ধ!

    • Share this:
    মাত্ৰ কেইটামান দিনৰ পিছতে অন্ত পৰিব ২০২১ বৰ্ষ। কৰোণা (Corona Virus) অহাৰ পিছত সময়বোৰ কেনেদৰে পাৰ হৈছে সকলোৱে জানে। কৰোণাৰ বাবে মানুহে বিশেষ একো কৰিব পৰা নাছিল,  ক'লৈকো আহ-যাহ পৰ্য্যন্ত কৰিব পৰা নাছিল। কিন্তু সময় নিজৰ গতিতে চলি আছে, ২০২০ৰ পাছত এতিয়া ২০২১ চনটোও কেইদিনমানৰ পিছতে শেষ হ'ব। ইফালে, এই বছৰৰ আটাইতকৈ ভাল লগা, আমোদজনক স্মৃতিৰ ফটো আৰু ভিডিঅ' সমূহ ছচিয়েল মিডিয়াত (Social Media) প্ৰচাৰ হ'বলৈ ধৰিছে। শেহতীয়াকৈ, এটা কাছ আৰু কুকুৰৰ  ধেমেলীয়া ভিডিঅ'((Tortoise Dog Viral Video) ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যিটো চোৱাৰ পিছত কোনো মানুহেই নহঁহাকৈ থাকিব পৰা নাই।

    কুকুৰ আৰু কাছৰ এই ধেমেলীয়া ভিডিঅ'টো মানুহে খুব চাইছে। এই ভিডিঅ'টোত, এটা কাছই কুকুৰটোক বাৰে বাৰে হাৰাশাস্তি কৰা দেখা গৈছে। কুকুৰটো আৰামেৰে এঠাইত বহি আছে, কিন্তু দুষ্ট কাছটোৱে বাৰে বাৰে তাৰ ওচৰলৈ আহে আৰু কুকুৰটোৰ কাণ আৰু মুখত কামুৰি দিয়ে। কুকুৰটোৱে প্ৰথমতে কাছটো উপেক্ষা কৰা দেখা গৈছে, কিন্তু পিছত যেতিয়া কাছটোৱে তাক আমনি কৰি থাকিবলৈ ধৰিলে, তেতিয়া কুকুৰটোৱে এটা সময়ত ধৈৰ্য্য হেৰুৱাই পেলায় আৰু কাছটোকো আক্ৰমণ কৰে। কিন্তু এই সময়তে আচল টুইষ্ট আৰম্ভ হয় ।



    কাছটোৱে কুকুৰটোৰ একেৰাহে হাৰাশাস্তি কৰাৰ লগে লগে, কুকুৰে ইয়াক আক্ৰমণ কৰে। কুকুৰটোৱে আক্ৰমণ কৰাৰ লগে লগে কাছটোৱে নিজৰ খোলাত লুকাই যায়। কাছই ইয়াৰ শত্ৰুৰ পৰা ৰক্সষা পাবলৈ ইয়াৰ গোটা খোলা বা চলঙত লুকাই যায়। এই ভিডিঅ'টোতো কাছটোৱে তাকেইক কৰিছিল। কাছটোৱে কুকুৰটোক জোকাই লৈ মুহূৰ্ততে চলঙৰ ভিতৰত লুকাই পৰে। কুকুৰটো অকণমান শান্ত হোৱা দেখিলেই কাছটোৱে পুনৰ জোকাবলৈ ধৰে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: