ATMৰ পৰা টকা উলিয়াওতে মন কৰিব এইকেইটা কথা, অন্যথা খালী হ’ব আপোনাৰ একাউণ্ট

News18 Assam | News18-Assam
Updated:January 14, 2020, 9:54 AM IST
ATMৰ পৰা টকা উলিয়াওতে মন কৰিব এইকেইটা কথা, অন্যথা খালী হ’ব আপোনাৰ একাউণ্ট
এটিএমত সকলোতকৈ অধিক বিপদ কাৰ্ড ক্লনিঙৰ পৰা হয়। কাৰ্ড ক্লনিঙৰ অৰ্থ হ’ল দুষ্টচক্ৰই আপোনাৰ সম্পূৰ্ণ তথ্য চুৰি কৰি অন্য কাৰ্ড বনাই লোৱা।

এটিএমত সকলোতকৈ অধিক বিপদ কাৰ্ড ক্লনিঙৰ পৰা হয়। কাৰ্ড ক্লনিঙৰ অৰ্থ হ’ল দুষ্টচক্ৰই আপোনাৰ সম্পূৰ্ণ তথ্য চুৰি কৰি অন্য কাৰ্ড বনাই লোৱা।

  • Share this:
ATMৰ জৰিয়তে গ্ৰাহকক সৰ্বস্বান্ত কৰাৰ ঘটনা সময়ে সময়ে সংঘটিত হৈ আহিছে। কিন্তু আপোনাৰ অকণমান সাৱধানতাই ৰক্ষা কৰিব পাৰে আপোনাৰ সাঁচতীয়া ধন। অৰ্থাৎ যদি আপুনি ATMৰ পৰা টকা উলিয়ায়, তেন্তে আপুনি প্ৰথমে চাব লাগিব যে সেই ATMটো কিমান সুৰক্ষিত।

এটিএমত সকলোতকৈ অধিক বিপদ কাৰ্ড ক্লনিঙৰ পৰা হয়। কাৰ্ড ক্লনিঙৰ অৰ্থ হ’ল দুষ্টচক্ৰই আপোনাৰ সম্পূৰ্ণ তথ্য চুৰি কৰি অন্য কাৰ্ড বনাই লোৱা।

কেনেকৈ চুৰি হয় তথ্য?

>> হেকাৰে কোনো গ্ৰাহকৰ তথ্য এটিএম মেচিনত ব্যৱহাৰ কৰা কাৰ্ডৰ পৰা চুৰি কৰে।
>> এটিএম মেচিনৰ কাৰ্ড শ্লটত এনেকুৱা ডিভাইচ লগাই থয়, যিয়ে আপোনাৰ কাৰ্যৰ সকলো তথ্য স্কেন কৰি লয়।
>> ইয়াৰ পিছত সেয়া ব্লুটুথ বা আন ৱায়াৰলেছ ডিভাইচেৰে চুৰি কৰে।

এইসমূহ কথাৰ ওপৰত মন দিয়ক

>> আপোনাৰ ডেবিট কাৰ্ডৰ সম্পূৰ্ণ তথ্যৰ বাবে হেকাৰৰ ওচৰত আপোনাৰ পিন নম্বৰ থকাটো প্ৰয়োজনীয়। হেকাৰে পিন নম্বৰ কনো কেমেৰাৰে ট্ৰেক কৰিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ আপুনি যেতিয়া এটিএমত নিজৰ পিন নম্বৰ টিপিব, তেতিয়া আনখন হাতেৰে ঢাকি ধৰক। যাতে চিচিটিভি কেমেৰায় ঢুকি নাপায়।
>> এটিএমৰ কাৰ্ড শ্লট মন কৰিব। যদি অনুভৱ হয় যে এটিএম কাৰ্ড শ্লটত কোনো সন্দেহ আছে বা কাৰ্ড শ্লট ঢিলা বা আন বিসংগতি দেখা পাইছে তেন্তে সেই এটিএম ব্যৱহাৰ নকৰিব।
>> কাৰ্ড শ্লটত কাৰ্ড ব্যৱহাৰ কৰাৰ সময়ত তাত জ্বলি থকা লাইটলৈ মন কৰক। যদি সেউজীয়া লাইট জ্বলে তেন্তে এটিএম সুৰক্ষিত। কিন্তু যদি ৰঙা বা আন ৰঙৰ লাইট জ্বলি থাকে তেন্তে সেই এটিএম ব্যৱহাৰ নকৰিব।
>> যদি কেতিয়াবা আপোনাৰ ভাৱ হয় যে আপুনি হেকাৰৰ জালত পৰিছে আৰু বেংকো বন্ধ আছে, তেন্তে শীঘ্ৰে আপুনি আৰক্ষীক যোগাযোগ কৰক। কাৰণ তাৰ জৰিয়তে আপুনি হেকাৰৰ ফিংগাৰ প্ৰিণ্ট লাভ কৰিব। লগতে ওচৰে–পাজৰে কাৰ ব্লুটুথে কাম কৰি আছে সেয়াও জানিব পাৰিব। তাৰ জৰিয়তে সেই লোকৰ তথ্য লাভ কৰিব পাৰিব।
Published by: Sanjay Kumar Das
First published: January 14, 2020, 9:54 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading