কাৰোৰে প্ৰতি নাই নেকি যৌন আকৰ্ষণ? এয়া কিমান দূৰলৈকে স্বাভাৱিক? জনাইছে বিশেষজ্ঞই

News18 Assam | News18-Assam
Updated:December 22, 2020, 12:14 AM IST
কাৰোৰে প্ৰতি নাই নেকি যৌন আকৰ্ষণ? এয়া কিমান দূৰলৈকে স্বাভাৱিক? জনাইছে বিশেষজ্ঞই
যৌনতাৰ ধৰণ বা এই বিষয় সংক্ৰান্তীয় মানসিকতা যিদৰে বহুমুখী সেইদৰে বিচিত্ৰও।

যৌনতাৰ ধৰণ বা এই বিষয় সংক্ৰান্তীয় মানসিকতা যিদৰে বহুমুখী সেইদৰে বিচিত্ৰও।

  • News18 Assam
  • Last Updated: December 22, 2020, 12:14 AM IST
  • Share this:
যৌনতাৰ ধৰণ বা এই বিষয় সংক্ৰান্তীয় মানসিকতা যিদৰে বহুমুখী সেইদৰে বিচিত্ৰও। কোনোৱে যদি বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত হয়, কোনোৱে আকৌ সমলিংগৰ প্ৰতি আকৰ্ষিত হয়। কেতিয়াবা কেতিয়াবা শাৰীৰিক মিলনতকৈও বহুতে বেছি যৌন সুখ লাভ কৰে ফ’ৰ প্লেৰ জৰিয়তে। কোনোৱে আকৌ মানুহৰ প্ৰতি নহয়, জড়বস্তুৰ প্ৰতিহে যৌন আকৰ্ষণ অনুভৱ কৰে। এই বিষয়টোক কোৱা হয় Objectophilia বা Object Sexuality।

যৌনতাৰ ক্ষেত্ৰত এজনৰ পছন্দ অন্য এজনৰ বাবে অস্বাভাৱিক হ’লেও তাক স্বাভাৱিক বুলিয়েই গণ্য কৰা হয়। এই কথা বাৰে বাৰে আমাক কৈছিল বিশেষজ্ঞা পল্লৱী বাৰ্নৱালে।

পল্লৱীয়ে জনাইছে যে, এই বিষয়ে তেওঁলৈ এখন চিঠি আহিছিল। লেখকে জানিব বিচাৰিছিল যে, কোৰোৰে প্ৰতি যৌন আকৰ্ষণ নথকাতো কি স্বাভাৱিক?

এই প্ৰসংগত সকলোৰে আগত পল্লৱীয়ে এটা বিষয় উল্লেখ কৰিবলৈ নাপাহৰিলে। তেওঁ স্পষ্টকৈ জনাই যে, আদিতে শাৰীৰিক সম্পৰ্কই আমাক ভালে থকাত সহায় কৰে। কিন্তু কোনোৱে যদি, তাৰ অবিহনেও সুখত থাকিব পাৰে, তেন্তে সেয়া অস্বাভাৱিক বুলি গণ্য কৰা নহয়।

পল্লৱীয়ে কৈছে যে, যৌনতা আমাৰ শৰীৰিক বা মানসিক দিশৰ বাবে উপকাৰী। ই মানুহৰ আয়ুস বৃদ্ধিত সহায় কৰাৰ লগতে, হাৰ্ট ভালে ৰাখে, সংগীৰ সৈতে আত্মীয়তা বৃদ্ধি পায়। কিন্তু এই আটাইবোৰ যৌনতাৰ পৰা আঁতৰি থাকিলেও পোৱা যায়। শৰীৰ চৰ্চা এই ক্ষেত্ৰত সহায়ক।

গতিকে পল্লৱীৰ পৰামৰ্শ- যৌন সম্পৰ্ক ৰক্ষা কৰাই একমাত্ৰ প্ৰয়োজনীয় নহয়, সুসম্পৰ্ক আৰু বন্ধুত্ব সম্পৰ্ক মানি চলাটো প্ৰয়োজন।
Published by: Himangshu Bhuyan
First published: December 22, 2020, 12:14 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি