শাৰীৰিক ঘনিষ্ঠতাৰ পিছতো আপুনি বিচৰাজনে যোগাযোগ ৰখা নাই নেকি? কি কয় বিশেষজ্ঞই?

News18 Assam | News18-Assam
Updated:January 25, 2021, 11:20 PM IST
শাৰীৰিক ঘনিষ্ঠতাৰ পিছতো আপুনি বিচৰাজনে যোগাযোগ ৰখা নাই নেকি? কি কয় বিশেষজ্ঞই?
এই সংবেদনশীল বিষয়টো লৈ বিশেষজ্ঞই নাম উল্লেখ নকৰাকৈ তুলি ধৰিছে এগৰাকী তৰুণীৰ কথা।

এই সংবেদনশীল বিষয়টো লৈ বিশেষজ্ঞই নাম উল্লেখ নকৰাকৈ তুলি ধৰিছে এগৰাকী তৰুণীৰ কথা।

  • Share this:
শৰীৰৰ সৈতে মনৰ এক সম্পৰ্ক থাকেই! মনে যদি নিবিচাৰে তেন্তে কাৰো সৈতে শাৰীৰিক সম্পৰ্ক হ’ব নোৱাৰে! কিন্তু এবাৰ শাৰীৰিক সম্পৰ্ক হ’লে যে বাৰে বাৰে সেই ব্যক্তিৰ সৈতে ঘনিষ্ঠ হ’ব লাগিব তাৰ কিবা কাৰণ আছে নেকি। এই সংবেদনশীল বিষয়টো লৈ বিশেষজ্ঞই নাম উল্লেখ নকৰাকৈ তুলি ধৰিছে এগৰাকী তৰুণীৰ কথা।

প্ৰশ্ন : মই এদিন এজন ল’ৰাৰ সৈতে পাৰ্কত গ’লো য’ত তেওঁ মোক স্পৰ্শ কৰিলে আৰু চুমা খালে। মই তেওঁক আনতকৈ বেছি টেক্সট কৰো আৰু তেওঁ কৰে, কিন্তু কেতিয়াও কথা নাপাতে। ইয়াৰ অৰ্থ এয়াই নেকি যে তেওঁ মোক পছন্দ নকৰে?

কোনো কথাৰ আনন্দ সেই দুই সীমাৰ মাজত হোৱা উচিত যিটো জনা আৰু নজনাৰ মাজত হয়। আপোনাৰ সৈতে যি হৈছে সেই সন্দৰ্ভত কওঁ যে আপুনি জানে যে তেওঁ আপোনাক পছন্দ কৰে কিন্তু সম্ভৱত ইমান নহয়... অৰ্থাৎ তেওঁ আপোনাৰ প্ৰেমত ডুবি থকা নাই। আপুনি তেওঁৰ নিসংগতাৰ আকৰ্ষণ। এই বয়সটো এনে এক পৰ্যায় য’ত ছেক্স প্ৰণয়–নিবেদনৰ স্থিতিত আহি পৰিছে আৰু যদি সকলো লোকৰ নহয় তথাপি কিছু লোকৰ বিষয়ে এয়া সত্য, এনেদৰে ক’ব পাৰি। সেইবাবে এই চুম্বন আপোনাৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ কিন্তু আনৰ বাবে এয়া সিমান গুৰুত্বপূৰ্ণ নহ’বও পাৰে। বেলেগ বেলেগ লোকৰ মাজত কোনো কথাক লৈ গুৰুত্ব বেলেগ বেলেগ হয় কিয়নো এনে ধৰণৰ ছেক্সুৱেল সুবিধা কিছুমান লোকে গুৰুত্ব নিদিয়ে কিন্তু কিছুমান লোকক ইয়াৰ সৈতে ভাৱনাত্মক ৰূপত জড়িত হোৱা দেখা যায় – কিছুমানে ইয়াক এক সুবিধা বুলি ধৰি লয়, কিছুমানে ইয়াক বিয়াৰ জন্ম–জন্মান্তৰৰ বান্ধোনলৈ লৈ যোৱাত সফল হয়। সেয়ে এই বিষয়ে ভিন ভিন মানুহৰ চিন্তা ভিন্ন ভিন্ন হয়। আপুনি জুলাইৰ পকা আমৰ দৰে গছ আৰু মাটিৰ মাজত ওলমি নাথাকিব, মাটিলৈ আহক তাৰ সৈতে লগ হওক, আৰু আপুনি তেওঁৰ বিষয়ে কি ভাৱে তাক লৈ খোলাখুলিকৈ কথা পাতক। হ’ব পাৰে আপোনাৰ মনত ধাৰণা হ’ব পাৰে যে যদি তেওঁ না কৈ দিয়ে তেন্তে কি হ’ব, কিন্তু যদি আপুনি ডেটিংৰ এই খেলত টিকি থাকিব বিচাৰে তেন্তে এই বিপদৰ মুখামুখি হ’বলৈ প্ৰস্তুত থাকিব লাগিব।
Published by: Sanjay Kumar Das
First published: January 25, 2021, 11:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি