এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগিয়া হৈছে গোৱালপাৰা জিলাৰ বলবলাৰ ফফঙ্গ গাওঁৰ ৰাইজে। পাহাৰৰ নিজৰাৰ লেতেৰা পানী খাইছে গোৱালপাৰা জিলাৰ বলবলাৰ ফফঙ্গা গাওঁৰ ৰাইজে ।
গোৱালপাৰা জিলাৰ পূব গোৱালপাৰা সমষ্টিৰ অন্তৰ্গত বলবলা অঞ্চলৰ ফফঙ্গা প্ৰথম আৰু দ্বিতীয় খণ্ড গাঁওৰ ৰাইজে খাইছে পাহাৰৰ নিজৰাৰ পানী । গা–ধোৱা, বাচন বৰ্তন, কাপোৰ কানি ধোঁৱা আদি কাম যি পানীৰে কৰা হয় ,সেই একে খিনি পানীয়ে সেৱন কৰি আছে ফফঙ্গা প্ৰথম আৰু দ্বিতীয় খণ্ড গাঁওৰ ৰাইজে ।
বছৰ-বছৰ ধৰি গাঁও খনৰ ৰাইজে খোৱা পানীৰ নামত বৰ বিষ খাই আহিছে যদিও কোনো এখন চৰকাৰে তেওঁ লোককক যোগান ধৰিব নোৱাৰিলে এটুপি খোৱা পানী । পূব গোৱালপাৰাৰ বিধায়ক এ কে ৰচিদ আলমেও এই ক্ষেত্রত আজি পৰ্যন্ত কোনো ব্যৱস্থা লোৱা নাই । পৰিবৰ্তনকামী চৰকাৰৰ দিনত ইয়াৰ পৰিৱৰ্তন হ’ব বুলি গাঁওবাসীয়ে আশা কৰিছিল যদিও আজিও সেই আশা আশা হৈয়ে আছে , বাস্তৱত পৰিণত হোৱা নাই ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|