• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • যোৱা ৩০ বছৰে এইখন গাঁৱত প্ৰৱেশ কৰা নাই কোনো পুৰুষে, কিন্তু তাৰ পিছতো গৰ্ভৱতী হৈছে মহিলা...

যোৱা ৩০ বছৰে এইখন গাঁৱত প্ৰৱেশ কৰা নাই কোনো পুৰুষে, কিন্তু তাৰ পিছতো গৰ্ভৱতী হৈছে মহিলা...

এই গাঁৱলৈ কিয় কোনো পুৰুষ নাহে?

এই গাঁৱলৈ কিয় কোনো পুৰুষ নাহে?

এই গাঁৱলৈ কিয় কোনো পুৰুষ নাহে?

  • Share this:
পৃথিৱীজুৰি এনে বহু ৰহস্য আছে যিবোৰৰ বিষয়ে এতিয়াও বহুলোক অৱগত নহয়। শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ এখন গাওঁ ছ'চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে৷ যোৱা ৩০ বছৰ ধৰি গাওঁখনত পুৰুষৰ প্ৰৱেশ নিষিদ্ধ৷ কিন্তু আশ্চৰ্যজনকভাৱে, গাওঁখনৰ মহিলাসকল গৰ্ভৱতীও হৈ আছে৷ কেনিয়াৰ চাম্বুৰু অঞ্চলৰ উমোজা গাঁৱত একেধৰণৰ আশ্চৰ্যজনক ৰহস্য দেখা গৈছে৷

পুৰুষৰ প্ৰৱেশ নোহোৱা স্বত্বেও মহিলাসকল গৰ্ভৱতী হৈ পৰিছে। মহিলাৰ দ্বাৰা পৰিচালিত গাওঁখনত প্ৰত্যেকগৰাকী মহিলাই সন্তানক অকলেই ডাঙৰ-দীঘল কৰিছে। শিশুৱে কেতিয়াও তেওঁলোকৰ দেউতাকৰ নাম বা পৰিচয় জানিব নোৱাৰে৷ কিন্তু সকলোৰে মনত কেৱল এটা প্ৰশ্ন আছে, এয়া কেনেকৈ সম্ভৱ?

এই গাওঁখন আফ্ৰিকাৰ ঘন জংঘলৰ মাজত অৱস্থিত। গাঁৱখনত ২৫০ৰো অধিক মহিলাই বসবাস কৰে। মহিলাসকলক বাদ দি গাওঁখনত কেৱল সৰু সৰু শিশু আছে। ২ গৰাকী প্ৰতিনিধিয়ে প্ৰতিবছৰে গাওঁখন পৰিচালনাৰ দায়িত্ব পালন কৰে। মহিলাসকল প্ৰত্যেকেই স্ব-নিৰ্ভৰশীল। সৰু সৰু ক্ষুদ্ৰ শিল্পৰ সৈতে মুক্ত হৈ আছে মহিলাসকলৰ আয়।

কিন্তু কিদৰে গৰ্ভৱতী হৈছে মহিলাসকলঃ

ইয়াৰ আঁৰত কোনো যাদু নাই। এই গাঁৱৰ পুৰুষ প্ৰৱেশ নিষিদ্ধ থাকিলেও মহিলাসকলে গাঁৱৰ বাহিৰলৈ গৈ নিজৰ পছন্দৰ পুৰুষ বিচাৰে আৰু তেওঁলোকৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে। আৰু গৰ্ভৱতী পোৱাৰ পিছতে সেই পুৰুষজনৰ সৈতে সকলো সম্পৰ্ক শেষ কৰে মহিলাগৰাকীয়ে। ফলত তেওঁলোকৰ সন্তানে কেতিয়াও পিতৃৰ পৰিচয় লাভ নকৰে।
Published by:Himangshu Bhuyan
First published: