মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »চৰকাৰী কৰ্মচাৰীলৈ বেয়া খবৰ, বন্ধ হ’ব পাৰে দৰমহা আয়োগ!

চৰকাৰী কৰ্মচাৰীলৈ বেয়া খবৰ, বন্ধ হ’ব পাৰে দৰমহা আয়োগ!

 বিকল্প হিচাপে কৰ্মচাৰীৰ দৰমহা বৃদ্ধি নিৰ্ভৰ কৰিব পাৰে কৰ্মচাৰীৰৰ কৰ্ম দক্ষতাৰ ওপৰত!

বিকল্প হিচাপে কৰ্মচাৰীৰ দৰমহা বৃদ্ধি নিৰ্ভৰ কৰিব পাৰে কৰ্মচাৰীৰৰ কৰ্ম দক্ষতাৰ ওপৰত!

বিকল্প হিচাপে কৰ্মচাৰীৰ দৰমহা বৃদ্ধি নিৰ্ভৰ কৰিব পাৰে কৰ্মচাৰীৰৰ কৰ্ম দক্ষতাৰ ওপৰত!

  • Share this:
    সপ্তম দৰমহা আয়োগৰ পিছত আকৌ নতুনকৈ গঠন নহ’বও পাৰে অষ্টম দৰমহা আয়োগ!  মোদী চৰকাৰৰ সপ্তম দৰমহা আয়োগৰ ভিত্তিত এতিয়া দৰমহা লাভ কৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে। সেইদৰে অসমতো এতিয়া ৰাজ্যিক কৰ্মচাৰীয়ে সপ্তম দৰমহা আয়োগ অনুযায়ী লাভ কৰি আছে দৰমহা।



    দেশৰ বিভিন্ন আগশাৰীৰ সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি সম্ভৱতঃ বন্ধ হৈ যাব পাৰে দৰমহা আয়োগ। দৰমহা আয়োগৰ ঠাইত কেন্দ্ৰীয় চৰকাৰে অতি সোনকালেই আৰম্ভ কৰিব পাৰে এক বিকল্প ব্যৱস্থা। সম্ভৱতঃ ACROID মেথড আৰম্ভ কৰিব পাৰে কৰ্মচাৰীৰৰ বেতন বৃদ্ধিৰ ক্ষেত্ৰত।



    বিশিষ্ট বিজ্ঞানী ওয়ালেক ৰুডেলে আবিষ্কাৰ কৰিছিল ACROID মেথড। এই পদ্ধতিৰ জৰিয়তে দেশৰ আৰ্থিক মুদ্ৰাস্ফীতি আৰু কৰ্মচাৰীৰৰ যোগ্যতা বিচাৰ কৰি বৃদ্ধি কৰা হ’ব দৰমহা। এই পদ্ধতিত সকলো কৰ্মচাৰীৰৰ দৰমহা একে সময়তে বৃদ্ধি নাপায়।



    এই নতুন পদ্ধতিৰ কথা সপ্তম দৰমহা আয়োগ গঠন হোৱাৰ আগতেই চৰ্চালৈ আহিছিল। এই পদ্ধতি কাৰ্যকৰী হ’লে কৰ্মচাৰীৰৰ দৰমহা বৃদ্ধি নিৰ্ভৰ কৰিব কৰ্মচাৰীৰৰ কৰ্ম দক্ষতাৰ ওপৰত!

    শেহতীয়া বাতৰি