বছৰটোৱে মেলানি মাগিবলৈ মাজত মাত্ৰ ৩০টা দিন আৰু ডিচেম্বৰ মাহত যদিহে বেংক সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ কাম আছে তেনেহ’লে এই প্ৰতিবেদন এবাৰ চাই লওক।
বছৰটোৱে মেলানি মাগিবলৈ মাজত মাত্ৰ ৩০টা দিন আৰু ডিচেম্বৰ মাহত যদিহে বেংক সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ কাম আছে তেনেহ’লে এই প্ৰতিবেদন এবাৰ চাই লওক।
চৌদিশে এতিয়া নৱবৰ্ষ আদৰাৰ তথা খ্ৰীষ্টমাছ উদযাপনৰ বাবে বিভিন্ন পৰিকল্পনা লোৱা হৈছে। তাৰমাজতে আপোনাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বেংকৰ বন্ধৰ দিনকেইটালৈ এবাৰ চকু ফুৰাই চাওক। এই ডিচেম্বৰ মাহত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত ৯দিনৰ বাবে বেংক বন্ধ থাকিব।
ডিচেম্বৰ মাহৰ প্ৰথমটো দিন সহ মাহটোৰ পাঁচটা দেওবাৰত ৫দিন বেংক বন্ধ থাকিব।
১৪ ডিচেম্বৰ মাহটোৰ দ্বিতীয় শনিবাৰ আৰু ডিচেম্বৰৰ ২৮ তাৰিখ মাহটোৰ চতুৰ্থটো শনিবাৰ হোৱা বাবে বেংক বন্ধ থাকিব।
২৫ ডিচেম্বৰত খ্ৰীষ্টমাছ উপলক্ষে বেংক বন্ধ থাকিব। সেইদৰে ২৬ ডিচেম্বৰত উত্তৰ-পূৰ্বাঞ্চলৰ কেইখনমান ৰাজ্যত বক্সিং ডে’ উপলক্ষে বেংক বন্ধ থাকিব।
মুঠতে ডিচেম্বৰ মাহত ৯ দিন বেংক বন্ধ থাকিব।
ডিচেম্বৰত বেংক বন্ধৰ তালিকাঃ
১ ডিচেম্বৰ, ২০১৯-দেওবাৰ
৮ ডিচেম্বৰ, ২০১৯-দেওবাৰ
১৪ ডিচেম্বৰ, ২০১৯-দ্বিতীয়টো শনিবাৰ
১৫ ডিচেম্বৰ, ২০১৯-দেওবাৰ
২২ ডিচেম্বৰ, ২০১৯-দেওবাৰ
২৫ ডিচেম্বৰ, ২০১৯-খ্ৰীষ্টমাছ
২৬ ডিচেম্বৰ, ২০১৯-বক্সিং ডে’
২৭ ডিচেম্বৰ, ২০১৯-দেওবাৰ
২৮ ডিচেম্বৰ, ২০১৯-চতুৰ্থ শনিবাৰ
বন্ধৰ তালিকাখন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটত নিশ্চিত কৰিব পাৰে যিহেতু বিভিন্ন ৰাজ্যত বেংকৰ বেলেগ বন্ধৰ দিন থাকিব পাৰে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|