চৰকাৰী কৰ্মচাৰীৰ কাৰণে সুখবৰ! নিশা ডিউটি কৰিলে পাব বিশেষ লাভ

News18 Assam | News18-Assam
Updated:July 20, 2020, 12:33 PM IST
চৰকাৰী কৰ্মচাৰীৰ কাৰণে সুখবৰ! নিশা ডিউটি কৰিলে পাব বিশেষ লাভ
ফাইল ফটো

DoPT–এ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে বেলেগকৈ নাইট ডিউটি এলাউন্সক লৈ সপ্তম দৰমহা আয়োগ (7th Pay Commission)ৰ প্ৰস্তাৱনা বলৱৎ কৰিছে। ১জুলাই, ২০২০ৰ পৰা এই নিয়ম বলৱৎ হ’ব। 

  • Share this:
নতুন দিল্লীঃ কেন্দ্ৰীয় চৰকাৰে সপ্তম দৰমহা আয়োগ (7th Pay Commission)ৰ পৰামৰ্শ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে (Central Government Employees) নাইট ডিউটি এলাউন্স বলৱৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত DoPT-এ (Department of Personnel and Training) নিৰ্দেশ জাৰি কৰি তথ্য প্ৰদান কৰিছে। বিভাগে এই নিৰ্দেশ যোৱা সপ্তাহৰ ১৩জুলাইত জাৰি কৰিছে আৰু ১জুলাইৰ পৰা এয়া বলৱৎ কৰাও হৈছে।

এইপৰ্যন্ত গ্ৰেড পে’ৰ আধাৰত দিয়া হৈছিল এলাউন্স

ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰে সকলো কৰ্মচাৰীৰ কাৰণে বৰ্তমানৰ ব্যৱস্থাৰ অধীনত বিশেষ গ্ৰেড পে’ৰ আধাৰত নাইট ডিউটিৰ এলাউন্স উঠাই দিছে। সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ বলৱৎ কৰাৰ পূৰ্বে গ্ৰেড পে’ৰ আধাৰতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক নাইট ডিউটি এলাউন্স প্ৰদান কৰা হৈছিল।


  1. যিসমূহ বিষয়ত নাইট ৱেটেজৰ (Night Weightage) আধাৰত ৱৰ্কিং সময়ৰ গণনা কৰা হৈছে। এই সন্দৰ্ভত এতিয়া কোনো জৰিমনা দিয়া নহয়। নিশাৰ সময়ত কৰা ডিউটিৰ সময়ত প্ৰতি ঘণ্টাত ১০মিনিটৰ ৱেটেজ দিয়া হ’ব।

  2. চৰকাৰৰ মতে, নিশা ১০বজাৰ পৰা পুৱা ৬বজালৈকে কৰা কামকহে নাইট ডিউটি মনা হ’ব।

  3. নাইট ডিউটি এলাউন্সৰ কাৰণে বেচিক পে’ৰ আধাৰত এক চিলিং নিৰ্ধাৰণ কৰা হৈছে। বিভাগে জনোৱা মতে, 'নাইট ডিউটি এলাউন্সৰ কাৰণে বেচিক পে’ৰ চিলিং ৪৩,৬০০টকা প্ৰতি মাহে নিৰ্ধাৰণ কৰা হৈছে।’


  4. চৰকাৰে এই এলাউন্স ঘণ্টাৰ ভিত্তিতহে আদায় দিব। এয়া BP+DA/200ৰ সমান হ’ব। সপ্তম বেতন আয়োগৰ নিৰিখৰ ভিত্তিতে এই এলাউন্স দিয়া হ’ব। 

  5. কেন্দ্ৰীয় চৰকাৰে নাইট ডিউটি এলাউন্স প্ৰতিজন কৰ্মচাৰীৰ বেচিক পে’ আৰু নাইট ডিউটিৰ আধাৰত কৰিব।

First published: July 20, 2020, 12:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি