NGO–এ বিলালে প্ৰথম দিনাৰ মধ্যাহ্ন ভোজন,‘গৰুৱেও নোখোৱা খাদ্য’ক লৈ ছচিয়েল মিডিয়াত ক্ষোভ

ছচিয়েল মিডিয়াত মধ্যাহ্ন ভোজনৰ খেলি মেলিক লৈ প্ৰতিক্ৰিয়া।

News18-Assam
Updated:November 1, 2019, 4:13 PM IST
NGO–এ বিলালে প্ৰথম দিনাৰ মধ্যাহ্ন ভোজন,‘গৰুৱেও নোখোৱা খাদ্য’ক লৈ ছচিয়েল মিডিয়াত ক্ষোভ
ছচিয়েল মিডিয়াত মধ্যাহ্ন ভোজনৰ খেলি মেলিক লৈ প্ৰতিক্ৰিয়া।
News18-Assam
Updated: November 1, 2019, 4:13 PM IST
ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ পৰা ৰান্ধনী–সহায়িকাক আঁতৰাই প্ৰায় ১৫ টা NGO ক মধ্যাহ্ন ভোজনৰ দায়িত্ব দিলে ৰাজ্যৰ শিক্ষা বিভাগে। শুকুৰবাৰৰ পৰা চৰকাৰী বিদ্যালয়ত খাদ্য যোগান ধৰিছে NGO-এ।এই যোগান ধৰা খাদ্যৰ মানক লৈ ৰাজ্যৰ বিভিন্ন ঠাইত সৃষ্টি হৈছে ক্ষোভৰ জোৱাৰ। ক’ৰবাত পঁচা, দুৰ্গন্ধময় আৰু অপৰ্যাপ্ত খাদ্য যোগান ধৰাকলৈ ছাত্ৰ–ছাত্ৰী আৰু শিক্ষকৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া আৰু আনফালে ছচিয়েল মিডিয়াতো একাংশই উজাৰিছে খং।
শুকুৰবাৰে বহু বিদ্যালয়ত ছাত্ৰ–ছাত্ৰী বঞ্চিত হ’ল মধ্যাহ্ন ভোজনৰ পৰা, কাৰণ NGO সমূহৰ ব্যাপক বেমেজালি। বহু বিদ্যালয়ত ছাত্ৰ–ছাত্ৰীৰ অনুপাতে কমকৈ যোগান ধৰিলে মধ্যাহ্ন ভোজনৰ আহাৰ, যি আহাৰ যোগান ধৰিছে সেয়াও কণ কণ ছাত্ৰ–ছাত্ৰীয়ে খোৱাৰ বাবে উপযোগী নহয়। ইফালে চাকৰিৰ হেৰুৱাই আজি সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ সাব্যস্ত কৰে মধ্যাহ্ন ভোজনৰ কৰ্মী–সহায়িকা সকলে। নগাঁৱত আৰক্ষীৰ সৈতে হতাহতিও হয় ৰান্ধনী–সহায়িকাসকলৰ।



ৰান্ধনী–সহায়িকাৰ প্ৰতিবাদ সন্দৰ্ভত সংবাদমাধ্যমত শিক্ষামন্ত্ৰীৰ মন্তব্য, তেওঁলোক চাকৰিয়াল নহয় স্বেচ্ছাসেৱীহে, তেওঁলোকৰ কাম কমিছে তেওঁলোকে ভালহে পাব লাগে।

আৰু চাওক পৰৱৰ্তী বাতৰি