உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Mirabai Chanu : টকিঅ’ অলিম্পিকত ইতিহাস সৃষ্টি কৰা মীৰাবাই ছানুক শীৰ্ষ বিষয়া পদলৈ পদোন্নতিৰ লগতে আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিব এন এফ ৰে’লৱেই

    Mirabai Chanu : টকিঅ’ অলিম্পিকত ইতিহাস সৃষ্টি কৰা মীৰাবাই ছানুক শীৰ্ষ বিষয়া পদলৈ পদোন্নতিৰ লগতে আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিব এন এফ ৰে’লৱেই

    এক বিশেষ সাক্ষাৎকাৰত এই কথা নিউজ১৮ক জনালে এন এফ ৰে’লৱেৰ মহাপ্ৰবন্ধক আনচুল গুপ্তাই।

    এক বিশেষ সাক্ষাৎকাৰত এই কথা নিউজ১৮ক জনালে এন এফ ৰে’লৱেৰ মহাপ্ৰবন্ধক আনচুল গুপ্তাই।

    এক বিশেষ সাক্ষাৎকাৰত এই কথা নিউজ১৮ক জনালে এন এফ ৰে’লৱেৰ মহাপ্ৰবন্ধক আনচুল গুপ্তাই।

    • Share this:
    টকিঅ’ অলিম্পিকত ইতিহাস সৃষ্টি কৰিলে মণিপুৰৰ তাৰকা ভাৰোত্তোলক ছাইখোম মীৰাবাই ছানুৱে। মীৰাবাই ছানুৱে টকিঅ’ৰ ৩২সংখ্যক অলিম্পিক গেমছত উৰুৱালে ভাৰতীয় পতাকা। মণিপুৰৰ জিয়ৰী ছাইখোম মীৰাবাই ছানুক লৈ আজি গৌৰৱান্বিত সমগ্ৰ দেশবাসী।

    টকিঅ’ অলিম্পিকৰ মহিলাৰ ৪৯ কেজি শাখাত মণিপুৰী ভাৰোত্তোলক ছাইখোম মীৰাবাই ছানুৱে  ৰূপৰ পদক অৰ্জন কৰে। মণিপুৰৰ জীয়ৰী মীৰাবাই ছানুৰ দ্বিতীয় ঘৰ হ’ল গুৱাহাটী।এইকাৰণেই যে মহানগৰীৰ মালিগাঁৱৰ উত্তৰ–পূব সীমান্ত ৰে’লৱেত স্প’ৰ্টছ অএছডি হিচাপে চাকৰি কৰে ছাইখোম মীৰাবাই ছানুৱে। সেয়ে ছানুৰ সফলতাত উৎফুল্লিত এন এফ ৰে’লৱেৰ মহাপ্ৰবন্ধক, বিষয়া–কৰ্মচাৰীসকল।

    অলিম্পিকত দেখুওৱা পাৰদৰ্শিতাৰ বাবেই মীৰাবাই ছানুক ৰে’লৱে বিভাগে দিব শীৰ্ষ বিষয়া পদলৈ পদোন্নতি, লগতে প্ৰদান কৰিব আৰ্থিক পুৰস্কাৰ। এক বিশেষ সাক্ষাৎকাৰত এই কথা নিউজ১৮ক জনালে এন এফ ৰে’লৱেৰ মহাপ্ৰবন্ধক আনচুল গুপ্তাই।

    তাৰোপৰি মীৰাবাই ছানুক আদৰিবলৈ সাজু হৈছে উত্তৰ–পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষ। গুৱাহাটীত উপস্থিত হোৱাৰ সময়ত উত্তৰ–পূব সীমান্ত ৰে’লৱেই বিপুলভাৱে আদৰণি জনাব দেশৰ গৌৰৱ মীৰাবাই ছানুক। মালিগাঁও এন এফ ৰে’লৱেৰ মুৰব্বী আনচুল গুপ্তাই খেলৰ অন্তত মীৰাবাই ছানুক ফোন কৰি অভিনন্দন জ্ঞাপন কৰে। মীৰাবাইৰ সফলতাত উৎফুল্লিত হৈ থকা এন এফ ৰে’লৱেৰ মহাপ্ৰবন্ধক আনচুল গুপ্তাই ৰে’লৱেত ভবিষ্যতে অসমৰ অধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক স্প’ৰ্টছ কোটাত বিভিন্ন পদত নিযুক্তি দিব বুলিও সদৰি কৰে।

    উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ ক্ৰীড়া বিষয়া তথা অসম দলৰ প্ৰাক্তন ৰঞ্জী ট্ৰফী অধিনায়ক ৰাজেশ বৰায়ো মীৰাবাই ছানুক অভিনন্দন জনায়। ৰে’লৱেৰ ক্ৰীড়া বিষয়া ৰাজেশ বৰাই বিভিন্ন সময়ত মীৰাবাই ছানুৰ সা–সুবিধাৰ লগতে অনুশীলনৰ খবৰ লৈ খেলুৱৈগৰাকীক উৎসাহিত কৰিছিল।

    ইফালে অসম ভাৰোত্তোলন সন্থাৰ সাধাৰণ সম্পাদক তথা ভাৰতীয় ভাৰোত্তোলন ফেডাৰেচনৰ উপ–সভাপতি ভৱজিৎ গোস্বামীয়েও মীৰাবাই ছানুক অভিনন্দন জনায়। ৰে’লৱেই ভবিষ্যতে ভাৰোত্তোলন উপৰি অন্যান্য ইভেণ্টৰ খেলুৱৈক নিযুক্তি দিব বুলি মহাপ্ৰবন্ধকগৰাকীয়ে কোৱা কথাক আদৰণি জনাইছে ভৱজিৎ গোস্বামীয়ে।
    Published by:Sanjay Kumar Das
    First published: