পৃথিৱীত এনে বহুতো ঠাই আছে যিবোৰ অদ্ভুত কাৰণত বিখ্যাত। প্ৰকৃতিয়ে কিছুমান ঠাইক আচৰিত ধৰণে গঢ়িছে। আজি আমি তেনে এটা স্থানৰ বিষয়েই কব বিচাৰিছো। নিউজিলেণ্ডৰ এক বিশেষ স্থান। নিউজিলেণ্ডৰ কাৰ্ডোনাত এখন বিশেষ বেৰ আছে, য'ত হাজাৰ হাজাৰ ব্ৰা তাঁৰত ওলমি আছে। ব্ৰা ওলোমাই ৰখাৰ এটা বিশেষ কাৰণো আছে।
ব্ৰাৰে ভৰ্তি ৰছীৰ বাবে চেণ্ট্ৰেল ওটাগো কাৰ্ডোনা যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। ইয়ালৈ অহা মহিলাসকলে ব্ৰা ৰছীত ওলোমাই দিয়ে। আজি, এই ঠাইখন মুখ্য পৰ্যটনস্থলী হৈ পৰিছে। দূৰদূৰণিৰ পৰা আহে পৰ্যটক।
কোৱা হয় যে, এই ঠাইত যিয়ে তেওঁৰ ব্ৰা ওলোমাই ৰাখে, তেওঁ তেওঁৰ প্ৰিয় জীৱন সংগী পাব। সেইকাৰণে মহিলাসকলে ইয়ালৈ আহে আৰু প্ৰতিজ্ঞাৰ দৰে তেওঁলোকৰ ব্ৰা খুলি ওলোমাই দিয়ে।
উল্লেখ্য যে, ১৯৯৯ চনত এই ঠাইত চাৰিটা ব্ৰা ওলমি থকা অৱস্থাত পোৱা গৈছিল। আৰু তাৰ পিছৰ পৰাই তাঁৰত ব্ৰাৰ সংখ্যা বাঢ়ি গৈ আছে। বহুলোকে আহি সেই তাঁৰৰ ওপৰত তেওঁলোকৰ ব্ৰা ওলোমাই ৰাখে। বিখ্যাত হোৱা দেখিবলৈ পায়। এতিয়া এই তাঁৰত ব্ৰা ওলমাই ৰখাটো এক প্ৰকাৰৰ পৰম্পৰা হৈ পৰিছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : February 17, 2022, 22:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।