নতুন বছৰ অৰ্থাৎ ২০২৩ আৰম্ভ হ’বলৈ আৰু কেইটামান ঘণ্টা বাকী। চৌদিশে এতিয়া নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি দেখা গৈছে। কিন্তু জ্যোতিষ শাস্ত্ৰৰ দৃষ্টিৰে চালে নতুন বছৰটো অশুভ যোগেৰে ভৰা হ’ব পাৰে। ইয়াৰ এক ডাঙৰ কাৰণ হ’ল ২০২৩ বৰ্ষতো দুটা সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ হ’ব। এই সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ এটা পষেকতে অৰ্থাৎ ১৫ দিনৰ ভিতৰত হ’ব। যাক জ্যোতিষ শাস্ত্ৰৰ দৃষ্টিৰে অশুভ বুলি কোৱা হৈছে। আহক জানো এই গ্ৰহণ কোন মাহত লাগিব।
পণ্ডিত ৰামচন্দ্ৰ যোশীৰ মতে, ২০২৩ বৰ্ষতো ২০২২ৰ দৰে দুটা সূৰ্যগ্ৰহণ হ’ব। সূৰ্যৰ ওপৰত প্ৰথম গ্ৰহণ ২০ এপ্ৰিল ২০২৩ত লাগিব। এই দিনটো হ’ব বৃহস্পতিবাৰ। পঞ্চাংগ অনুসৰি এই গ্ৰহণ পুৱা ৭ বাজি ০৪ মিনিটৰ পৰা আৰম্ভ হ’ব আৰু দুপৰীয়া ১২ বাজি ২৯ বজাত পূৰ্ণ হ’ব। অৱশ্যে এই সূৰ্যগ্ৰহণ ভাৰতত দেখা নাযাব। সেইদৰে দ্বিতীয়টো সূৰ্যগ্ৰহণ অক্টোবৰ মাহৰ ১৪ তাৰিখে হ’ব। এই গ্ৰহণৰ প্ৰভাৱো ভাৰতত পৰাৰ সম্ভাৱনা কম।
পণ্ডিত যোশীৰ মতে, নতুন বছৰত চন্দ্ৰমাৰ ওপৰত দুবাৰকৈ গ্ৰহণ লাগিব। ইয়াৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ ৫ মে’ ২০২৩ শুকুৰবাৰে হ’ব। যিটো নিশা ৮ বাজি ৪৫ মিনিটৰ পৰা আৰম্ভ হৈ নিশা ১ বজাত পূৰ্ণ হ’ব। সেইদৰে দ্বিতীয় চন্দ্ৰগ্ৰহণো সূৰ্যগ্ৰহণৰ ১৫ দিন পিছত ২৯ অক্টোবৰ ২০২৩ দেওবাৰে হ’ব। এয়া খণ্ডগ্ৰাস গ্ৰহণ হ’ব। যিটো নিশা ১ বাজি ০৬ মিনিটৰ পৰা আৰম্ভ হৈ ২ বাজি ২২ মিনিটত সমাপ্ত হ’ব। দুয়োটা চন্দ্ৰগ্ৰহণ ভাৰতত দৃশ্যমান হ’ব।
হিন্দু শাস্ত্ৰত সূৰ্য বা চন্দ্ৰগ্ৰহণক শুভ বুলি ধৰা নহয়। জ্যোতিষীৰ মতে, এটা পষেকত দুটা গ্ৰহণ আৰু বেছি অশুভ হয়। পণ্ডিত যোশীৰ মতে এটা পষেকত সূৰ্য বা সূৰ্যগ্ৰহণৰ যোগ মহাভাৰতৰ সময়ত হৈছিল। ফলত এই গ্ৰহণৰ প্ৰভাৱ বিনাশকাৰী হ’ব পাৰে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : December 31, 2022, 13:51 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।