মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»ৰিয়ানৰ পিছত এইবাৰ কোন? চতুৰ্দশ IPLৰ নিলামত স্থান লাভ কৰিলে নতুনকৈ দুজন অসমৰ খেলুৱৈয়ে

ৰিয়ানৰ পিছত এইবাৰ কোন? চতুৰ্দশ IPLৰ নিলামত স্থান লাভ কৰিলে নতুনকৈ দুজন অসমৰ খেলুৱৈয়ে

News18 Assam | News18-Assam
Updated:February 12, 2021, 8:15 PM IST
ৰিয়ানৰ পিছত এইবাৰ কোন? চতুৰ্দশ IPLৰ নিলামত স্থান লাভ কৰিলে নতুনকৈ দুজন অসমৰ খেলুৱৈয়ে
অসমৰ ক্ৰীড়া জগতৰ বাবে ভাল খবৰ।

অসমৰ ক্ৰীড়া জগতৰ বাবে ভাল খবৰ।

  • Share this:
অসমৰ ক্ৰীড়া জগতৰ বাবে ভাল খবৰ। আগন্তুক আই পি এলৰ নিলামত স্থান লাভ কৰিছে অসমৰ আৰু দুগৰাকী ক্ৰিকেটাৰ ক্ৰমে ছাহিল জৈন আৰু পেচ বলাৰ ৰাজাকুদ্দিন আহমেদ।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড চমুকৈ বি চি চি আইয়ে বৃহস্পতিবাৰে ঘোষণা কৰা প্ৰায় ৩০০ জনীয়া ক্ৰিকেটাৰৰ নিলাম লিষ্টত আছে অসমৰ ক্ৰিকেটাৰ দুজনৰ নাম। ছাহিল জৈন আৰু ৰাজাকুদ্দিন আহমেদৰ হ'ল অসমৰ প্ৰতিভাৱান ক্ৰিকেটাৰ।

আই পি এলৰ চতুৰ্দশ সংস্কৰণৰ বাবে কোনো এটা ফ্ৰেন্সাইজিয়ে ছাহিল আৰু ৰাজাকুদ্দিনক ক্ৰয় কৰিলেই আই পি এলৰ চতুৰ্দশ সংস্কৰণত দেখা যাব তিনিজনকৈ অসমীয়া ক্ৰিকেটাৰক।

উল্লেখযোগ্য যে ইতিমধ্যে ৰাজস্থান ৰয়েলছ দলে ৰিয়ান পৰাগক চতুৰ্দশ সংস্কৰণৰ বাবে ৰিটেইন কৰিছে। এতিয়া তিনিওগৰাকী ক্ৰিকেটাৰক শুভেচ্ছা জ্ঞাপন কৰিছে অসমৰ ক্ৰীড়া প্ৰেমীয়ে।
Published by: Himangshu Bhuyan
First published: February 12, 2021, 8:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি