মন গ’লেই ভাড়াঘৰলৈ আহিব নোৱাৰিব আলহী, ভাড়াবৃদ্ধিৰ ক্ষেত্ৰতো মানিব লাগিব এই নিয়ম!

ভাড়াতীয়াৰ ঘৰলৈ কোনো আলহী আহিলে ২৪ ঘম্টাৰ পূৰ্বেই ল’ব লাগিব অনুমতি
ভাড়াতীয়াৰ ঘৰলৈ কোনো আলহী আহিলে ২৪ ঘম্টাৰ পূৰ্বেই ল’ব লাগিব অনুমতি
- News18 Assam
- Last Updated: November 27, 2020, 2:32 PM IST
প্ৰায়ে ভাড়াঘৰৰ মালিকে ভাড়াতীয়াক বিভিন্ন ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰা দেখা যায়। সেইদৰে একাংশ ভাড়াতীয়াইয়ো সমস্যাত পেলাই ভাড়াঘৰৰ মালিকক। গতিকে এতিয়া দুয়োপক্ষৰ কথা চিন্তা কৰি কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰিছে এই বিশেষ আইনখন।
এতিয়াৰ পৰা ভাড়াঘৰ দিবলৈ হ’লে মালিকে ভাড়াতীয়াৰ লগত কৰিব লাগিব চুক্তিপত্ৰ। আৰু চুক্তিপত্ৰৰ ম্যাদ শেষ নোহোৱা পৰ্যন্ত ভাড়াঘৰৰ মালিকে ভাড়াতীয়াক ঘৰ খালী কৰিবলৈ হেঁচা প্ৰয়োগ কৰিব নোৱাৰিব। ঠিক সেইদৰে নতুন নিয়ম অনুসৰি, ভাড়াঘৰলৈও মন গ’লেই আলহী আনিব নোৱাৰিব ভাড়াতীয়াই। আলহী আহিবলৈ হ’লে ২৫ গম্টাৰ পূৰ্বে লিখিত আকাৰে জনাব লাগিব ভাড়াঘৰৰ মালিকক।
যদিও কেন্দ্ৰীয় চৰকাৰে এই নীতি-নিয়ম শীঘ্ৰে বলৱত্ কৰাৰ দিশে আগবাঢ়িছে তথাপিও এই ক্ষেত্ৰত ল’ব লাগিব ৰাজ্য চৰকাৰৰ অনুমতি। কিন্তু পুৰণা চুক্তিত চলি থকা ভাড়াঘৰৰ মালিক বা ভাড়াতীয়াৰ বাবে এই নতুন নিয়ম প্ৰযোজ্য নহ’ব।