গুৱাহাটীত গৃহ নিৰ্মাণ কৰিলে মানিব লাগিব এই কেইটা নীতি নিৰ্দেশনা

গৃহৰ চৌহদত বৰষুণৰ পানী সংৰক্ষণ আৰু জাৱৰ নিষ্কাশন ব্যৱস্থা হ’ব বাধ্যতামূলক!

News18-Assam
Updated:September 11, 2019, 5:52 PM IST
গুৱাহাটীত গৃহ নিৰ্মাণ কৰিলে মানিব লাগিব এই কেইটা নীতি নিৰ্দেশনা
Source-Google
News18-Assam
Updated: September 11, 2019, 5:52 PM IST
বলেন ভট্টাচাৰ্য্য: গুৱাহাটী মহানগৰীত বাধ্যতামূলক হব বৰষুণৰ পানী সংৰক্ষণ আৰু জাৱৰ নিষ্কাশন ব্যৱস্থা ৷ গৃহ নিৰ্মাণৰ অনুমতিৰ সময়তে পৰীক্ষা কৰা হ’ব বৰষুণৰ পানী সংৰক্ষণ আৰু জাৱৰ নিষ্কাশন ব্যৱস্থা আছেনে নাই ৷ বুধবাৰে গুৱাহাটী পৌৰ নিগমৰ কাৰ্য্যলয়ত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত এই মন্তব্য নিগমৰ আযুক্ত দেবেশ্বৰ মালাকাৰৰ।

অন্যথা মহানগৰৰ পানী সমস্যা আৰু স্বচ্চতা সম্ভৱ নহয় ৷ আৰু এই দুই উদ্দেশ্য আগত ৰাখি গুৱাহাটী পৌৰ নিগমে গঠন কৰিছে এখন বিশেষ তিনিজনীয়া সমিতি ৷ তিনিজনীয়া বিশেষ সমিতিখনে নিৰ্ধাৰণ কৰিব বৰষুণৰ পানী সংৰক্ষণ আৰু জাৱৰ নিষ্কাশন ব্যৱস্থা কি পৰ্য্যায়ত হ’ব ৷ এইক্ষেত্ৰত নিৰ্মানৰ বাবে এক মেডেলও প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে নিগমৰ আযুক্তগৰাকীয়ে ৷

পূজা বন্ধৰ পাছতে সমিতিখনে দাখিল কৰিব প্ৰতিবেদন ৷ আৰু তাৰ লগে লগে উৰ্ধতম কৰ্তৃপক্ষৰ অনুমোদন পালে কাৰ্য্যকৰী হব পৌৰ নিগমৰ এলেকাত নিৰ্মান কৰা গৃহত বৰষুণৰ পানী সংৰক্ষণ আৰু জাৱৰ নিষ্কাশন ব্যৱস্থা ৷

অৱশ্যে এই নতুন নিয়ম তেওলোকক ক্ষেত্ৰতও কাৰ্য্যকৰী হব যিসকলে বৰ্তমানে নিৰ্মান কাৰ্য্য চলাই আছে বিল্ডিঙৰ ৷ ইযাৰে প্ৰথম তিনিগৰাকীক বিশেষভাবে পুৰস্কৃত কৰা হব ৷ যি তিনিগৰাকীযে বৰষুণৰ পানী সংৰক্ষণক আৰু জাৱৰ নিষ্কাশন ব্যৱস্হা সফল কৰি তুলিবলৈ সক্ষম হব
আৰু চাওক পৰৱৰ্তী বাতৰি