উচ্চতম ন্যায়ালয়ে সালসলনি কৰিলে চেক বাউঞ্চৰ নিয়ম

চেক বাউঞ্চ হ’লে অন্তৰ্ৱৰ্তীকালীন সাহায্য লাভৰ বাবে অভিযোগকাৰীয়ে এটা চৰ্ত পূৰণ কৰাটো বাধ্যতামূলক।

News18-Assam
Updated:July 31, 2019, 11:42 AM IST
উচ্চতম ন্যায়ালয়ে সালসলনি কৰিলে চেক বাউঞ্চৰ নিয়ম
চেক বাউঞ্চ হ’লে অন্তৰ্ৱৰ্তীকালীন সাহায্য লাভৰ বাবে অভিযোগকাৰীয়ে এটা চৰ্ত পূৰণ কৰাটো বাধ্যতামূলক।
News18-Assam
Updated: July 31, 2019, 11:42 AM IST
চেক বাউঞ্চক লৈ বিভিন্ন সময়ত বহু লোকে হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয়। উচ্চতম ন্যায়ালয়ত চেক বাউঞ্চৰ সৈতে জড়িত বহু গোচৰ আছে, যাৰ বাবে ন্যায়ালয়ে ইয়াৰ নিয়মৰ সংশোধন ঘটাইছে। চেক বাউঞ্চ হ’লে অন্তৰ্ৱৰ্তীকালীন সাহায্য লাভৰ বাবে অভিযোগকাৰীয়ে এটা চৰ্ত পূৰণ কৰাটো বাধ্যতামূলক।

এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰিছে যে নেগ’চিয়েবল ইনষ্ট্ৰুমেণ্ট আইনৰ ১৪৩ এ ধাৰা ২০১৮ চনত সংশোধন কৰা হৈছিল। এই সংশোধনৰ পিছত অভিযোগকাৰীয়ে ২০ শতাংশ অন্তৰ্ৱৰ্তীকালীন ধন লাভ কৰাৰ অধিকাৰ পাব। উল্লেখযোগ্য যে নেগ’চিয়েবল ইনষ্ট্ৰুমেণ্ট আইনৰ ১৪৩ এ ধাৰা মতে চেক বাউঞ্চ সম্বন্ধীয় গোচৰ আদালতত চলি থাকিলে অভিযুক্তই অভিযোগকাৰীক অন্তৰ্ৱৰ্তীকালীন সাহায্য দিব লাগিব।

নেগ’চিয়েবল ইনষ্ট্ৰুমেণ্ট আইনত সংশোধন ঘটাই নিৰ্ধাৰণ কৰা হৈছিল যে চেক বাউঞ্চ হ’লে অভিযুক্তৰ ফালৰ পৰা প্ৰথমে চেকত উল্লেখিত ধনৰাশিৰ ২০ শতাংশ আদালতত জমা কৰিব লাগিব। যদি নিম্ন আদালতত ৰায় অভিযুক্তৰ বিৰুদ্ধে আহে আৰু তেওঁ উচ্চ আদালতত আবেদন কৰে তেন্তে তেওঁ পুনৰ মুঠ ধনৰ ২০ শতাংশ আদালতত জমা দিব লাগিব।
আৰু চাওক পৰৱৰ্তী বাতৰি