ভাৰাতীয়াৰ পৰা অধিক বিদ্যুৎ বিল আদায় কৰা ঘৰৰ মালিকৰ কাৰণে বেয়া খবৰ!

News18 Assam | News18-Assam
Updated:September 21, 2020, 6:40 PM IST
ভাৰাতীয়াৰ পৰা অধিক বিদ্যুৎ বিল আদায় কৰা ঘৰৰ মালিকৰ কাৰণে বেয়া খবৰ!
দেশত প্ৰথমবাৰলৈ বিদুৎ উপভোক্তাৰ অধিকাৰ ৰক্ষাৰ কাৰণে নতুন ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

দেশত প্ৰথমবাৰলৈ বিদুৎ উপভোক্তাৰ অধিকাৰ ৰক্ষাৰ কাৰণে নতুন ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

  • News18 Assam
  • Last Updated: September 21, 2020, 6:40 PM IST
  • Share this:
নতুন দিল্লীঃ কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰেই (Central Government) বিদ্যুৎ উপভোক্তাৰ (Electricity Consumers) কাৰণে এক নতুন আইন আনিবলৈ লৈছে। মোদী চৰকাৰে দেশত প্ৰথমবাৰলৈ বিদ্যুৎ উপভোক্তাৰ অধিকাৰ (Rights of Consumers) ৰক্ষাৰ কাৰণে নতুন ব্যৱস্থা গ্ৰহণ প্ৰস্তুত কৰিছে। এই নতুন প্ৰস্তাৱ অনুসৰি ঘৰৰ মালিকৰ (Land lords) ওপৰতো হাতোৰা কঠোৰ কৰাৰ কথা কোৱা হৈছে। যিসমূহ ঘৰৰ মালিকে অন্যায়ভাৱে নিজৰ ভাৰাতীয়াৰ পৰা অধিক বিদ্যুত বিল সংগ্ৰহ কৰে সেইসমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কোৱা হৈছে। নতুন প্ৰস্তাৱ অনুসৰি নিৰ্ধাৰিত ৰেটতকৈ অধিক হাৰত বিদ্যুৎ বিল আদায় কৰা বে–আইনী হ’ব।

শক্তি মন্ত্ৰালয়ে প্ৰস্তুত কৰিলে প্ৰস্তাৱনা

যদি কোনো ঘৰৰ মালিকে চাব মিটাৰ লগাই ভাৰাতীয়াক বিদ্যুৎ বিক্ৰী কৰে তেনেহ’লে তাৰ ওপৰতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কেন্দ্ৰ চৰকাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশত বিদ্যুৎ বিনিয়মক আয়োগক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছে। কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ে কঠোৰ ভাৱে কৈছে যে ভাৰাতীয়াৰ পৰা মন মৰ্জীৰে মুনাফা আদায় কৰিব নোৱাৰিব ঘৰৰ মালিকে।

ভাৰাতীয়াৰ পৰা ল’ব নোৱাৰিব অধিক বিদ্যুৎ বিল

উল্লেখ্য যে, শক্তি মন্ত্ৰালয়ে (Power Ministry) এক বিভাগীয় বিবৃতিত শেহতীয়াকৈ কৈছিল যে বিদ্যুৎ মন্ত্ৰালয়ে প্ৰথমবাৰলৈ বিজুলী উপভোক্তাৰ অধিকাৰ ৰক্ষাৰ কাৰণে প্ৰস্তাৱনা সাজু কৰিছে। মন্ত্ৰালয়ে বিবৃতিত কৈছিল, 'কেন্দ্ৰীয় উৰ্জা মন্ত্ৰালয়ে এক ঐতিহাসিক প্ৰ’ কনজিউমাৰ মুভ ড্ৰাফ্ট ইলেকট্ৰিচিটি (কনজুমাৰ্ছ ৰাইটছ অৱ কনজুমাৰ) ৰুলছ, ২০২০ৰ ক্ষেত্ৰত পৰামৰ্শ আৰু টিপ্পনী বিচাৰিছে। ইয়াৰ উদ্দেশ্য হৈছে উপভোক্তাসকলৰ অধিক উন্নত সুবিধা আৰু সেৱা প্ৰদান কৰা। কেন্দ্ৰ চৰকাৰৰ নতুন প্ৰস্তাৱনাত এতিয়া ভাৰাতীয়াৰ কাৰণে মিটাৰ লগোৱা অনিবাৰ্য কৰা হৈছে।

নতুন প্ৰস্তাৱনাত আন বিভিন্ন সিদ্ধান্তৰ লগতে ভাৰাতীয়াইও বেলেগকৈ কানেকশ্যন লগাব পাৰে বুলি কোৱা হৈছে। ভাৰাতীয়াই ৰেণ্ট এগ্ৰীমেণ্টৰ আধাৰত নতুন কানেকশ্যন লাভ কৰিব। বেলেগকৈ মিটাৰ লগালে নিৰ্ধাৰিত হাৰত বিল আদায় দিব পাৰিব। লগতে তেওঁলোকে ৰাজ্য চৰকাৰ বা কেন্দ্ৰ চৰকাৰৰ চাবচিডি লাভ কৰিব। ইয়াৰ কাৰণে ভাৰাতীয়াই মিটাৰ ৰেণ্ট দিয়াটো বাধ্যতামূলক হ’ব। নতুন প্ৰস্তাৱনাক লৈ শক্তি মন্ত্ৰালয়ে ৩০ছেপ্তেম্বৰ, ২০২০লৈকে উপভোক্তাৰ পৰা পৰামৰ্শ বিচাৰিছে। মন্ত্ৰালয়ে কৈছে যে, উপভোক্তাৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিহে প্ৰস্তাৱনাক চূড়ান্ত ৰূপ দিয়া হ’ব।
First published: September 21, 2020, 6:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading