মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »নৰম স্থিতিত Twitter! তথ্য-প্ৰযুক্তি মন্ত্ৰণালয়ৰ নিৰ্দেশনা আখৰে-আখৰে পালন কৰিবলৈ সাজু

নৰম স্থিতিত Twitter! তথ্য-প্ৰযুক্তি মন্ত্ৰণালয়ৰ নিৰ্দেশনা আখৰে-আখৰে পালন কৰিবলৈ সাজু

'আমি ভাৰত চৰকাৰক আশ্বাস দিছো যে টুইটাৰে ভাৰতৰ তথ্য প্ৰযুক্তি আইনৰ প্ৰতিটো নিৰ্দেশনা অনুসৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।’

'আমি ভাৰত চৰকাৰক আশ্বাস দিছো যে টুইটাৰে ভাৰতৰ তথ্য প্ৰযুক্তি আইনৰ প্ৰতিটো নিৰ্দেশনা অনুসৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।’

  • Share this:
তথ্য-প্ৰযুক্তি মন্ত্ৰণালয় আৰু মাইক্ৰ'ব্লগিং প্লেটফৰ্ম টুইটাৰৰ মাজত মধ্যৱৰ্তী নিৰ্দেশনাক লৈ দীৰ্ঘদিন ধৰি চলি থকা বিতৰ্কৰ মাজতে কিছু নৰম স্থিতিলৈ আহিছে টুইটাৰ। টুইটাৰে উল্লেখ কৰিছে যে তেওঁলোকে ভাৰত চৰকাৰৰ নতুন তথ্য প্ৰযুক্তি আইন পালন কৰিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে। টুইটাৰে কৈছে যে তেওঁলোক ভাৰতৰ প্ৰতি সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ আৰু এই মঞ্চতেই বিষয়টো সন্দৰ্ভত ৰাজহুৱা আলোচনাৰো সুবিধা দি আছে টুইটাৰে।

ছচিয়েল মিডিয়া ছাইটটোৱে আৰু কৈছিল যে আমি ভাৰত চৰকাৰক আশ্বাস দিছো যে টুইটাৰে ভাৰতৰ তথ্য প্ৰযুক্তি আইনৰ প্ৰতিটো নিৰ্দেশনা অনুসৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আমাৰ প্ৰগতিৰ এক অৱলোকন ভাৰত চৰকাৰৰ সৈতে ভাগ-বতৰা কৰা হৈছে। আমি এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ সৈতে নিৰন্তৰ যোগাযোগত আছো আৰু তেওঁলোকৰ সৈতে ইতিবাচক আলোচনাৰ চেষ্টা অব্যাহত ৰাখিম।

ছচিয়েল মিডিয়া ছাইটটোৱে কৈছিল যে ই ভাৰতত এজন নোডেল সম্পৰ্ক বিষয়া (NCP) আৰু এজন স্থানীয় অভিযোগ নিষ্পত্তি বিষয়া (RGO) নিযুক্ত কৰিছে আৰু মুখ্য অনুপালন বিষয়াকো (CCO) এসপ্তাহৰ ভিতৰত নিযুক্তি দিয়া হ'ব। উল্লেখ্য যে, ছচিয়েল নেটৱৰ্কিং ছাইট টুইটাৰে ভাৰত চৰকাৰৰ পৰা নতুন তথ্য প্ৰযুক্তি নিয়ম অনুসৰণৰ বাবে সময় বিচাৰিছিল। ভাৰত চৰকাৰে ছচিয়েল মিডিয়া কোম্পানীসমূহৰ বাবে নতুন তথ্য প্ৰযুক্তি আইন প্ৰৱৰ্তন কৰিছিল।

চৰকাৰৰ নতুন তথ্য-প্ৰযুক্তি আইনৰ বিশেষত্ব কি?

চৰকাৰে জাৰি কৰা নতুন তথ্য প্ৰযুক্তি আইনৰ অধীনত টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপৰ দৰে বৃহৎ ছচিয়েল মিডিয়া প্লেটফৰ্মে তেওঁলোকৰ নিয়মবোৰ অধিক কঠোৰ কৰিব লাগিব আৰু ছাইটটো অধিক নিবিড়ভাৱে নিৰীক্ষণ কৰিব লাগিব। সকলো কোম্পানীয়ে ভাৰতত মুখ্য অনুপালন বিষয়া, নোডেল বিষয়া আৰু অভিযোগ নিষ্পত্তি বিষয়া নিয়োগ কৰিব লাগিব।

২৬ মে' ২০২১ ত চৰকাৰে জাৰি কৰিছিল নতুন নিয়ম -

চৰকাৰৰ দ্বাৰা জাৰি কৰা নতুন নিয়ম অনুসৰণ কৰিবলৈ সকলো ছচিয়েল নেটৱৰ্কিং ছাইটক তিনি মাহ সময় দিয়া হৈছিল। নতুন চৰকাৰী নিয়মসমূহ ৫০ লাখতকৈ অধিক পঞ্জীভুক্ত ব্যৱহাৰকাৰী থকা কোম্পানীবোৰৰ ক্ষেত্ৰত প্ৰযোজ্য। অৱশ্যে কেন্দ্ৰীয় চৰকাৰে টুইটাৰলৈ প্ৰেৰণ কৰা জাননীত কৈছে যে যদিও এই নিয়মবোৰ ২৬ মে' ২০২১ ৰ পৰা কাৰ্যকৰী হৈ আহিছে, টুইটাৰ ইঙ্কক সদিচ্ছাৰ অধীনত এটা অন্তিম জাননীৰ জৰিয়তে নিয়মবোৰ পালন কৰাৰ সুযোগ দিয়া হৈছে। চৰকাৰে সতৰ্ক কৰি দিছে যে যদি তথ্য-প্ৰযুক্তিৰ নিয়ম অনুসৰণ কৰা নহয় তেন্তে কোম্পানীটোৰ বিৰুদ্ধে তথ্য-প্ৰযুক্তি আইনৰ অধীনত চৰকাৰে ব্যৱস্থা ল'ব পাৰে।

মন্ত্ৰালয়ে ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা বিচাৰিছে এইসমূহ তথ্য -

উল্লেখ্য যে, তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ মতে বৃহৎ ছচিয়েল মিডিয়া প্লেটফৰ্মে তেওঁলোকৰ মূল কোম্পানী বা আন যিকোনো সহায়ক কোম্পানীৰ জৰিয়তে ভাৰতত সেৱা আগবঢ়ায়। ইয়াৰে কিছুমান তথ্য-প্ৰযুক্তি আইন আৰু নতুন নিয়মৰ অধীনত গুৰুত্বপূৰ্ণ সামাজিক মাধ্যম মধ্যৱৰ্তীৰ (SSMI) সংজ্ঞাৰ অধীনত আহে। এই নিয়মবোৰ পালনৰ ক্ষেত্ৰত নিশ্চিত কৰাৰ বাবে ছচিয়েল মিডিয়া প্লেটফৰ্ম এপ, ৱেবছাইট আৰু সেৱাৰ দৰে বিৱৰণৰ (Details) লগতে তিনিজন মুখ্য কৰ্মচাৰীৰ বিৱৰণৰ সৈতে ভাৰতত প্লেটফৰ্মৰ এক শাৰীৰিক ঠিকনা প্ৰদান কৰক। পত্ৰখনত কোৱা হৈছে যে যদি আপোনাক SSMI বুলি গণ্য কৰা নহয় তেতিয়া প্ৰতিটো সেৱাত পঞ্জীভুক্ত ব্যৱহাৰকাৰীৰ সংখ্যাসহ ইয়াৰ কাৰণ বৰ্ণনা কৰিব লাগিব।

শেহতীয়া বাতৰি