সমগ্ৰ দেশতে কোৰোণাৰ দ্বিতীয় ঢৌ আৰম্ভ হৈছে। বহু ৰাজ্যত প্ৰতিদিনে উদ্বেগজনক হাৰত বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। এফালে যদি সমগ্ৰ দেশতে টিকাকৰণ প্ৰক্ৰিয়া অব্যাহত আছে, আনফালে আকৌ ল'কডাউনৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণৰ সম্ভাৱনাই দেখা দিছে । তেনে ক্ষেত্ৰত, যদি আপুনি কোভিড১৯ত আক্ৰান্ত হয়, তেন্তে আপুনি কি কি নিয়ম আৰু সাৱধানতাৰ অৱলম্বন কৰিব লাগিব?
প্ৰথমতে, আপুনি জানিব লাগিব যে, সাধাৰণ বা প্ৰাৰম্ভিক লক্ষণ দেখা দিলেই হোম কোৱাৰেণ্টাইনৰ প্ৰয়োজন। যিসকলৰ বয়স ৬০ বছৰতকৈ অধিক বা যিসকল গুৰুতৰ ৰোগত আক্ৰান্ত, তেনে লোক কোৰোণাত আক্ৰান্ত হ'লে চিকিৎসকৰ পৰামৰ্শৰ ভিত্তিতহে হোম আইচলেশ্যনৰ অনুমতি দিয়া হ’ব পাৰে। এইচআইভি(HIV), কৰ্কট ৰোগী বা সংৰোপণ অস্ত্ৰোপচাৰ কৰা লোকসকলৰ ক্ষেত্ৰত হোম আইচলেশ্যন প্ৰদান নকৰাৰ সম্ভাৱনাই অধিক ৷
এতিয়া প্ৰশ্নটো হ'ল, হোম কোৱাৰেণ্টাইনৰ সময়ত পৰিয়াল পৃথকে থাকিব লাগিব নেকি? যদি আপোনাৰ ঘৰত পৃথক পৃথককৈ থাকিব পৰা সুবিধা আছে, তেন্তে আপুনি পৰিয়ালৰ সৈতে থাকিব পাৰে। এয়াও এক গুৰুত্বপূৰ্ণ কথা যে, যদি এগৰাকী লোকক কোৰোণা পজিটিভ ৰূপে চিনাক্ত কৰা হয়, তেন্তে তেওঁৰ পৰিয়ালৰ বাকী সদস্যসকলোকো কোৰোণাৰ পৰীক্ষা কৰা হয়।
হোম কোৱাৰেন্টাইনৰ সময়ত নিশ্চিত কৰিব যে, অক্সিজেনৰ স্তৰ কম হোৱা, দুৰ্বল অনুভৱ কৰা, উশাহ চুটি হোৱা, বুকুৰ বিষ, মুখ বা ওঁঠ নীলা হোৱা আদি লক্ষণে দেখা দিলে লগে লগে আপুনি চিকিৎসকৰ সহায় ল'ব।
হোম আইচলেশ্যনৰ সময়ত আপুনি পৰিয়ালৰ অন্যান্য সদস্যৰ সৈতে কাপোৰ, বাচন-বৰ্তন বা অন্যান্য সামগ্ৰী শ্বেয়াৰ নকৰিব। অকলে আৰু দূৰত্ব বজাই থাকক আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক। আপুনি আৰু আপোনাৰ পৰিয়ালে পৰিষ্কাৰকৈ থকাৰ লগতে তিনিতৰপীয়া মাস্কৰ ব্যৱহাৰ কৰি থাকিব লাগিব। আৰু প্ৰতি ৮ ঘণ্টাৰ মুৰে মুৰে সলনি কৰি থাকিব লাগিব। যদি তিনি দিনৰ বাবে নিৰন্তৰ জ্বৰ নহয় বা ১০ দিনৰ পিছত অৱস্থা স্বাভাৱিক হয়, ৰোগীগৰকীয়ে হোম আইচলেশ্যন শেষ কৰিব পাৰিব।
নতুন নিয়ম অনুসৰি হোম আইচলেশ্যনৰ ম্যাদ শেষ হোৱাৰ পিছত ৰোগীয়ে পৰীক্ষা কৰাৰ প্ৰয়োজন নাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|