চাৰিচকীয়া বাহন আছে নেকি আপোনাৰ? গাড়ীত লগাব লাগিব এই সমূহ ডিভাইচ, অহা অক্টোবৰ মাহৰ পৰা প্ৰযোজ্য হোৱাৰ সম্ভাৱনা

News18 Assam | News18-Assam
Updated:September 13, 2020, 4:01 PM IST
চাৰিচকীয়া বাহন আছে নেকি আপোনাৰ? গাড়ীত লগাব লাগিব এই সমূহ ডিভাইচ, অহা অক্টোবৰ মাহৰ পৰা প্ৰযোজ্য হোৱাৰ সম্ভাৱনা
Source-Google

অক্টোবৰ মাহৰ পৰা দেশত বলৱত্‍ হ’ব বাহন সুৰক্ষাৰ  বাবে বহুকেইটা নতুন ব্যৱস্থা। 

  • News18 Assam
  • Last Updated: September 13, 2020, 4:01 PM IST
  • Share this:
প্ৰতিদিনেই পথ দুৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ অহা অক্টোবৰ মাহৰ কেন্দ্ৰীয় চৰকাৰে বহু কেইটা নিয়ম বলৱত্‍ কৰাৰ সম্ভাৱনা আছে। জানিব পৰা মতে, সুৰক্ষিত ড্ৰাইভিঙৰ বাবে অহা অক্টোবৰ মাহৰ পৰা চাৰিচকীয়া বাহনত লগাব লাগিব বহুকেইটা নতুন ডিভাইচ।

অহা অক্টোবৰ মাহৰ পৰা দেশত বলৱত্‍ হ’ব বাহন সুৰক্ষাৰ বাবে বহুকেইটা নতুন ব্যৱস্থা। দুৰ্ঘটনা হ্ৰাসৰ লগতে সুৰক্ষিত যাত্ৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বাহন সুৰক্ষাৰ ক্ষেত্ৰত বহু কেইটা নতুন ব্যৱস্থাৰ পৱৰ্তন কৰিছে। ইয়াৰ আধাৰতে আপোনাৰ গাড়ীখনত লগাব লাগিব বহু কেইটা নতুন ডিভাইচ। ইয়াৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে যাৱতীয় পদক্ষেপ-

আপোনাৰ যাত্ৰা কালত লগত থাকিব লাগিব পাংচাৰ ৰিপেয়াৰ কিট। এই ব্যৱস্থা থাকিলে চালকে গাড়ীত অতিৰিক্ত চকা লৈ ফুৰাৰ প্ৰয়োজনীয়তা নাথাকিব। ইয়াৰ উপৰিও  গাড়ীত লগাব লাগিব টায়াৰ প্ৰেচাৰ মণিটৰিং চিষ্টেম। এই ডিভাইছে গাড়ীৰ চকাত পাম কমিলে চালকক সতৰ্ক কৰি দিব।দুৰ্ঘটনাৰ হোৱাৰ পৰা ৰক্ষা কৰিব বুলি অনুমান কৰিব পাৰি।

সেইদৰে গাড়ীত লগাব লাগিব ৰিভাৰ্চ পাৰ্কিং ডিভাইচ। এই ডিভাইছে গাড়ী বেক কৰোতে বা পাৰ্কিং কৰাৰ সময়ত কাষত কোনো লোক বা অন্যান্য সামগ্ৰী থাকিলে চালকক সতৰ্ক কৰিব। গাড়ীত লগাব লাগিব গ্লিচিং গ্লাচ। ই যাত্ৰা অধিক আৰামদায়ক কৰি তুলিব। গ্লিচিং গ্লাচে গাড়ীৰ ভিতৰ ভাগ শীতল কৰি ৰাখিব।
Published by: Himangshu Bhuyan
First published: September 13, 2020, 4:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading