আচৰিত পৰম্পৰা! নৱ–দম্পত্তিয়ে বিবাহ পাশত আবদ্ধ হোৱাৰ আগমুহূৰ্তত মানিব লাগে আচৰিত নিয়ম।
আচৰিত পৰম্পৰা! নৱ–দম্পত্তিয়ে বিবাহ পাশত আবদ্ধ হোৱাৰ আগমুহূৰ্তত মানিব লাগে আচৰিত নিয়ম।
অবিশ্বাস্য যেন লাগিলেও এয়াই সঁচা। বিবাহৰ পূৰ্বে অৰণ্যত এনিশা কটাই আহিব লাগে বিবাহপাশত আবদ্ধ হ’ব খোজা দম্পতিয়ে। ছত্তিশগড় আৰু মধ্য প্ৰদেশত বসবাস কৰা
‘বাইগা’ নামৰ জনজাতিটোৰ মাজত প্ৰচলিত ‘দশাৰাহা’ পৰম্পৰা অনুসৰি বিয়া হ’ব খোজা দম্পত্তিয়ে বিবাহৰ পূৰ্বে কটাব লাগে ঘন অৰণ্যত।
প্ৰত্যেক বছৰে এবাৰ বাইগা নামৰ জনজাতিটোৰ যুৱক-যুৱতীসকলে ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ নৃত্য-গীত পৰিৱেশন কৰিবলৈ যাব লাগে। আৰু তেতিয়াই যদি কোনো যুৱক–যুৱতী প্ৰেমত পৰি বিবাহ পাশত আবদ্ধ হ’ব খোজে তেন্তে দুয়ো মানিব লাগে এই নিয়ম। আৰু অৰণ্যত নিশা কটাই আহি পিছদিনা পূৱা সামাজিক ৰীতি–নীতি অনুসৰি বিয়া কৰায়। জনজাতিটোৰ এই পৰম্পৰাক কোৱা হয় ‘দশৰাহা’।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|