১ লাখ টকা বিনিয়োগ কৰি আৰম্ভ কৰক এই ব্যৱসায়, ৬০ লাখ পৰ্যন্ত কৰক উপাৰ্জন

News18-Assam
Updated:July 10, 2019, 8:41 AM IST
১ লাখ টকা বিনিয়োগ কৰি আৰম্ভ কৰক এই ব্যৱসায়, ৬০ লাখ পৰ্যন্ত কৰক উপাৰ্জন
এই খেতিৰ বাবে আপুনি বিনিয়োগ কৰিব লাগিব ৮০ হাজাৰৰ পৰা ১ লাখ টকা। আৰু যাৰ পৰা আপোনাৰ ৬০ লাখ টকা পৰ্যন্ত লাভ হ’ব পাৰে।

এই খেতিৰ বাবে আপুনি বিনিয়োগ কৰিব লাগিব ৮০ হাজাৰৰ পৰা ১ লাখ টকা। আৰু যাৰ পৰা আপোনাৰ ৬০ লাখ টকা পৰ্যন্ত লাভ হ’ব পাৰে।

  • Share this:
যদি আপোনাৰ মাটি আছে আৰু কৃষিকৰ্মৰে কোনো নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে নেকি? আপুনি আৰম্ভ কৰিব পাৰে বগা চন্দনৰ খেতি। দেশত প্ৰতি কিলোগ্ৰাম চন্দন কাঠৰ দাম প্ৰায় ৮ৰ পৰা ১০ হাজাৰ টকা। বিদেশত প্ৰতি কিলোগ্ৰাম চন্দন কাঠ বিক্ৰী হয় ২০ৰ পৰা ২৫ হাজাৰ টকাত। এই খেতিৰ বাবে আপুনি বিনিয়োগ কৰিব লাগিব ৮০ হাজাৰৰ পৰা ১ লাখ টকা। আৰু যাৰ পৰা আপোনাৰ ৬০ লাখ টকা পৰ্যন্ত লাভ হ’ব পাৰে।

বগা চন্দনৰ গছৰ পৰা ওলোৱা তেল আৰু কাঠ দুয়োটাই ঔষধী গুণযুক্ত। চাবোন, প্ৰসাধন সামগ্ৰী আৰু পাৰফিউমত চন্দন গছৰ তেল সুগন্ধি হিচাপে ব্যৱহাৰ কৰা হয়।



সাধাৰণতে মানুহে ভাৱে যে চন্দনৰ খেতি অবৈধ। কিন্তু এনেকুৱা কোনো কথা নাই। ফাৰ্মিং এক্সপাৰ্টৰ মতে চৰকাৰে বগা চন্দনৰ খেতি কৰাত বৈধতা প্ৰদান কৰিছে। এই খেতিৰ লাভ উঠাবলৈ অৱশ্যে আপুনি অপেক্ষা কৰিব লাগিব ১০ৰ পৰা ১২ বছৰ। কিয়নো অৰ্গেনিক পদ্ধতিৰে খেতি কৰিলে চন্দন গছ ডাঙৰ হওঁতে প্ৰয়োজন হয় ১০ৰ পৰা ১২ বছৰ।

যদি আপোনাৰ এক–দুই একৰ মাটি খালী আছে, তেন্তে তাত আপুনি কৰিব পাৰে চন্দনৰ খেতি। ইয়াৰ বাবে আপুনি কেৱল চন্দনৰ পুলি কিনিব লাগিব। বাকী গছৰ তুলনাত চন্দন গছৰ পুলিৰ দাম বেছি হয়। পানী, সাৰ আদিৰ নামত আপোনাৰ খৰচ হ’ব প্ৰায় এক লাখ টকা।
আৰু চাওক পৰৱৰ্তী বাতৰি