আপুনি এতিয়াও আধাৰ কাৰ্ড বনোৱা নাই নেকি? গুৱাহাটীত খোলা হৈছে নতুন আধাৰ কেন্দ্ৰ

চৰকাৰী নিয়ম অনুসৰি প্ৰতিজন লোকেই নিজৰ পান কাৰ্ড আধাৰৰ সৈতে লিংক কৰাটো বাধ্যতামূলক।

News18-Assam
Updated:November 10, 2019, 9:01 PM IST
আপুনি এতিয়াও আধাৰ কাৰ্ড বনোৱা নাই নেকি? গুৱাহাটীত খোলা হৈছে নতুন আধাৰ কেন্দ্ৰ
চৰকাৰী নিয়ম অনুসৰি প্ৰতিজন লোকেই নিজৰ পান কাৰ্ড আধাৰৰ সৈতে লিংক কৰাটো বাধ্যতামূলক।
News18-Assam
Updated: November 10, 2019, 9:01 PM IST
গুৱাহাটীবাসীৰ বাবে ভাল খবৰ। গুৱাহাটীত নতুন আধাৰ কাৰ্ড কেন্দ্ৰ খোলাৰ কথা ঘোষণা কৰিছে UIDAI–এ। টুইটাৰযোগে গুৱাহাটীত নতুন আধাৰ কাৰ্ড কেন্দ্ৰৰ কথা ঘোষণা কৰিছে UIDAI–এ।

ভাৰত চৰকাৰে প্ৰতিজন নাগৰিকৰে আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক কৰিছে। গুৱাহাটীৰ বাসিন্দাসকলে তেওঁলোকৰ নিকটৱৰ্তী আধাৰ কাৰ্ড কেন্দ্ৰলৈ গৈ বনাব পাৰে আধাৰ কাৰ্ড। পূৰ্বৰ আধাৰ কাৰ্ড কেন্দ্ৰসমূহৰ উপৰি গুৱাহাটীত নতুনকৈ খোলা হৈছে আৰু এটা আধাৰ কেন্দ্ৰ। আধাৰ কাৰ্ড থকা লোকসকলে যদি কোনো তথ্যৰ শুধৰণিৰ প্ৰয়োজন হয় তেন্তে এই কেন্দ্ৰসমূহলৈ গৈ সেয়া কৰিব পাৰে।

গুৱাহাটীত ক’ত খোলা হৈছে নতুন আধাৰ কেন্দ্ৰ?

গুৱাহাটীত নতুনকৈ ঘোষণা কৰা আধাৰ সেৱা কেন্দ্ৰৰ ঠিকনা হৈছে –
তৃতীয় মহলা, সুৰেখা স্কোৱেৰ (পেণ্টালুনছৰ ওপৰত)
লাচিত নগৰ, উলুবাৰী
গুৱাহাটী – ৭৮১০০৭

অসম

যদি আপোনাৰ আশে–পাশে এই কেন্দ্ৰ নহয়, তেন্তে আপুনি তলত দিয়া যিকোনো আধাৰ সেৱা কেন্দ্ৰলৈ গৈ বনাই ল’ব পাৰিব আধাৰ কাৰ্ড। পুৱা ৯.৩০ বজাৰ পৰা সন্ধিয়া ৫.৩০ বজাৰ ভিতৰত আপুনি কৰিব পাৰিব এই কাম।



কি কি শুধৰণি কৰিব পাৰিব আধাৰ কেন্দ্ৰত:
১. নিজৰ নাম ভুল থাকিলে শুধৰণি কৰিব পাৰিব আবেদনকাৰীয়ে।
২. বানান অশুদ্ধ থাকিলে কৰিব পাৰিব শুধৰণি।
৩. বৈবাহিক স্থিতিও শুধৰণি কৰিব পাৰিব আধাৰ কেন্দ্ৰত।
৪. ম’বাইল নম্বৰ কৰিব পাৰিব আপডেট।
৫. ঠিকনা সলনি কৰাৰো সুবিধা আছে আধাৰ কেন্দ্ৰত।

চৰকাৰী নিয়ম অনুসৰি প্ৰতিজন লোকেই নিজৰ পান কাৰ্ড আধাৰৰ সৈতে লিংক কৰাটো বাধ্যতামূলক। প্ৰতিগৰাকী কৰদাতাই নিজৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাটো প্ৰয়োজনীয়।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি