• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Vastu Shastra: শুই উঠিয়েই পুৱা ভুলতো নাচাব এইসমূহ বস্তু, গোটেই দিনটো হয় অশুভ

Vastu Shastra: শুই উঠিয়েই পুৱা ভুলতো নাচাব এইসমূহ বস্তু, গোটেই দিনটো হয় অশুভ

Vastu Shastra: পুৱাটো ভাল হ'লে দিনটোৱেই ভাল হয় বুলি সকলোৱে বিশ্বাস কৰে। সেয়ে জানি লও আহক পুৱাই উঠিয়েই কোনবোৰ বস্তু  প্ৰথমে ভুলতো চাব নালাগে। 

Vastu Shastra: পুৱাটো ভাল হ'লে দিনটোৱেই ভাল হয় বুলি সকলোৱে বিশ্বাস কৰে। সেয়ে জানি লও আহক পুৱাই উঠিয়েই কোনবোৰ বস্তু  প্ৰথমে ভুলতো চাব নালাগে। 

Vastu Shastra: পুৱাটো ভাল হ'লে দিনটোৱেই ভাল হয় বুলি সকলোৱে বিশ্বাস কৰে। সেয়ে জানি লও আহক পুৱাই উঠিয়েই কোনবোৰ বস্তু  প্ৰথমে ভুলতো চাব নালাগে। 

  • Share this:
দিনটোৰ আৰম্ভণি পুৱাৰ পৰাই হয়। পুৱাটো ভাল হ'লে দিনটোৱেই ভাল হয় বুলি সকলোৱে বিশ্বাস কৰে। দিনটোৰ আৰম্ভণিতে পুৱা সেয়ে বহু লোকে সুন্দৰ বস্তু চাবলৈ ইচ্ছা কৰে, বা পুৱাই এটা ভাল কামেৰে দিনটোৰ আম্ভণি কৰিব বিচাৰে। সেয়ে জানি লও আহক পুৱাই উঠিয়েই কোনবোৰ বস্তু  প্ৰথমে ভুলতো চাব নালাগে।

আমাৰ অভিভাৱকসকলে প্ৰায়েই পুৱাই উঠি এইটো কৰিব নালাগে, সেইটো কৰিব নালাগে বা এইটো কৰা সেইটো কৰা আদি নানা নীতি বচন কৈ আহিছিল। পায়-নাপায় আদি বুজনিৰ আঁৰত শুভ-অশুভ কাৰকৰ কথাও কয়। এনেবোৰ কথা হয়তো আজিৰ দিনত কোনোৱেই বিশ্বাস নকৰে।

কিন্তু বাস্তু শাস্ত্ৰ অনুসৰি পুৱা প্ৰথম চকু মেলিয়েই কিছুমান বস্তু চাব নালাগে।

মানুহৰ ছাঁ- নিজৰেই হওঁক বা আনৰ, পুৱাই উঠি কোনো মানুহৰ ছাঁ চাব নালাগে। পুৱাই উঠিয়েই মানুহৰ ছাঁ দেখা পোৱাটোক ৰাহুৰ আগমন বুলি বিশ্বাস কৰা হয়। সেয়ে পুৱা শুই উঠি পোনতে পশ্চিম দিশৰ ফালে নোচোৱাটো মংগল।

আইনা- পুৱাই উঠি কেতিয়াও আইনা চাব নালাগে, বাস্তু শাস্ত্ৰ মতে। বাস্তু শাস্ত্ৰই কয় যে নিশাৰ সকলো নেতিবাচক ক্ৰিয়া-প্ৰতিক্ৰিয়া মুখমণ্ডলত প্ৰকাশ পায় আৰু পুৱাই তাকে চালে সেইবোৰে দিনটো নষ্ট কৰে।

বনৰীয়া জীৱ-জন্তুৰ ফটো- শুৱনি কোঠাত যদি কোনো বনৰীয়া জীৱ-জন্তুৰ ফটো আছে, তেন্তে সেই ফটো বা ছবি আঁতৰাই থওক। পুৱাই উঠি যাতে কোনো বনৰীয়া জন্তু বা হিংসুক জন্তুৰ ফটো চকুত নপৰে।

বাহি বাচন- পুৱাই উঠি নিশাৰ বাহি বাচন নাচাব । পুৱাই চকু মেলিয়ে বাহি বাচনত চকু পৰাটো অশুভ। সেয়ে পৰা পক্ষত নিশাই সকলো বাচন ধুই থ'ব লাগে। পুৱাই বাহি বাচন দেখা মানে অৰ্থৰ ব্যয় হোৱা বুলি বিশ্বাস কৰা হয়।

বাস্তু শাস্ত্ৰ অনুসৰি পুৱাই উঠি প্ৰথমেই নিজৰ হাত দুখন টোৱাটো হৈছে সৰ্বশ্ৰেষ্ঠ কাম। কাৰণ মানুহৰ নিজৰ হাতত বিদ্যা-ধন থকা বুলি বিশ্বাস কৰা হয়। কৰ্মই হৈছে জীৱনৰ মূল মন্ত্ৰ, সেয়ে নিজৰ হাত দুখনক বিশ্বাস কৰি সেই হাত দুখন দৰ্শন কৰিবলা কোৱা হয় বাস্তু শাস্ত্ৰত।
Published by:Manjumoni Borah
First published: