உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • পুৱাৰ আহাৰত এই ৫বিধ খাদ্য খালে কেতিয়াও হ্ৰাস নহয় আপোনাৰ পেটৰ চৰ্বি! এনে খাদ্যৰ পৰা থাকক আঁতৰত

    পুৱাৰ আহাৰত এই ৫বিধ খাদ্য খালে কেতিয়াও হ্ৰাস নহয় আপোনাৰ পেটৰ চৰ্বি! এনে খাদ্যৰ পৰা থাকক আঁতৰত

    আপুনিও যদিহে পেটৰ চৰ্বি হ্ৰাস কৰিব বিচাৰিছে তেন্তে পুৱাৰ আহাৰত পৰিহাৰ কৰক এইসমূহ সামগ্ৰী।

    আপুনিও যদিহে পেটৰ চৰ্বি হ্ৰাস কৰিব বিচাৰিছে তেন্তে পুৱাৰ আহাৰত পৰিহাৰ কৰক এইসমূহ সামগ্ৰী।

    আপুনিও যদিহে পেটৰ চৰ্বি হ্ৰাস কৰিব বিচাৰিছে তেন্তে পুৱাৰ আহাৰত পৰিহাৰ কৰক এইসমূহ সামগ্ৰী।

    • Share this:
    Never Eat These Five Things In Breakfast If You Want Slim Belly: পেটৰ চৰ্বি (Belly Fat) বহু ৰোগৰ কাৰক হৈ পৰে। গৱেষণাত পোৱা গৈছে যে যিসকল লোকে জিম বা কোনো ধৰণৰ ফিটনেছ চেণ্টাৰত যোগদান কৰে, তেওঁলোকৰ অধিকাংশই আন কোনো ৰোগত ভুগি আছে আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ পেটৰ চৰ্বি হ্ৰাস কৰিব বিচাৰে।

    লগতে এইটোও পোৱা গৈছে যে ব্যস্ত জীৱনশৈলীৰ বাবে মানুহে হয়তো পুৱাৰ আহাৰ (Breakfast)ক উপেক্ষা কৰে বা কিছুমান অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰে। যিয়ে তেওঁলোকৰ ওজন হ্ৰাস কৰাৰ পৰিৱৰ্তে বৃদ্ধিহে কৰে। সেয়েহে আপুনিও যদিহে পেটৰ চৰ্বি হ্ৰাস কৰিব বিচাৰিছে তেন্তে পুৱাৰ আহাৰত পৰিহাৰ কৰক এইসমূহ সামগ্ৰী।

    ১. সংশোধিত খাদ্য বা প্ৰচেড ফুডৰ সেৱন -

    যদি আপুনি পুৱা সংশোধিত খাদ্যৰে আপোনাৰ পেট ভৰ্তি কৰে, ইয়ে আপোনাৰ ওজন হ্ৰাস কৰাৰ পৰিৱৰ্তে আপোনাৰ ওজন বৃদ্ধি কৰিব পাৰে। দৰাচলতে এনে খাদ্যবোৰ বহুবাৰ ৰন্ধন প্ৰক্ৰিয়াৰ মাজেৰে যাব লগা হয়। কেৱল সেয়াই নহয়, ইয়াক প্ৰস্তুত কৰিবলৈ তেল, মচলা আদিও অতি মাত্ৰাত ব্যৱহাৰ কৰা হয়, যি স্বাস্থ্যৰ বাবে বেয়া। উদাহৰণ স্বৰূপে চিপচ, পপকৰ্ণ, ড্ৰাই ফ্ৰুইট বা শুকান ফল, ফ্ৰজেন ফুড ইত্যাদি।

    ২. কেক আৰু কুকীজৰ ব্যৱহাৰ কৰা -

    কেক আৰু কুকীজ তৈয়াৰ কৰিবলৈও ময়দা, চেনী আৰু সংপৃক্ত চৰ্বি ব্যৱহাৰ কৰা হয় যি আমাৰ স্বাস্থ্যৰ বাবে একেবাৰে ভাল নহয়। পুৱাৰ আহাৰৰ সময়ত সেইবোৰ একেবাৰে ব্যৱহাৰ নকৰিব। ৰুটি বা ফল ব্যৱহাৰ কৰাটোহে ভাল হ'ব।

    ৩. নুডলচ ব্যৱহাৰ কৰা -

    নুডলচো ময়দাৰে তৈয়াৰ কৰা হয় য'ত ফাইবাৰ খুব কম থাকে। যদিও নুডলচ খাবলৈ অতি সুস্বাদু, কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত ই অতি অ-স্বাস্থ্যকৰ। সেয়েহে, নুডলছ কেতিয়াও পুৱাৰ আহাৰত ব্যৱহাৰ কৰিব নালাগে।

    ৪. ফলৰ ৰস -

    বহুলোকে ভাৱে যে বজাৰত উপলব্ধ ফলৰ ৰস পুৱাৰ আহাৰৰ বাবে সৰ্বশ্ৰেষ্ঠ বিকল্প কিন্তু এয়া একেবাৰেই নহয়। তেনে ৰসত অতি মাত্ৰাত চেনী থাকে, যিয়ে ওজন হ্ৰাস কৰাৰ সলনি আপোনাৰ ওজন বৃদ্ধি কৰিব পাৰে। যদি আপুনি ইয়াৰ সলনি সতেজ ৰস ব্যৱহাৰ কৰে বা ফল খায়, ই আপোনাৰ স্বাস্থ্যৰ বাবে এক ভাল বিকল্প হ'ব। কিয়নো সতেজ ফল বা ৰসত অধিক ফাইবাৰ বা আঁহ থাকিব আৰু চেনী নাথাকে।

    ৫.পুৰী-পৰঠা আদি খোৱা -

    যদি আপুনি পুৱা ভজা বস্তু খায়, তেন্তে ই আপোনাৰ বাবে অতি ক্ষতিকাৰক। পুৰী, পৰঠা, কচোৰী, পকোৰাৰ সলনি, আপুনি ৰুটি, ওটচ, দালিয়া, ফল আদি খোৱা কৰক।
    Published by:Sanjay Kumar Das
    First published: