জনাদেশৰ দিনা টাইমছ ইণ্টাৰনেটক চেৰ পেলাই ১ নম্বৰ Network18 ডিজিটেল

News18-Assam
Updated:May 29, 2019, 5:26 PM IST
জনাদেশৰ দিনা টাইমছ ইণ্টাৰনেটক চেৰ পেলাই ১ নম্বৰ Network18 ডিজিটেল
জনাদেশৰ দিনা ৫৬.২ মিলিয়ন ব্যৱহাৰকাৰীয়ে পচন্দ কৰা নেটৱৰ্ক18 ডিজিটেল সকলোতকৈ আগত।

জনাদেশৰ দিনা ৫৬.২ মিলিয়ন ব্যৱহাৰকাৰীয়ে পচন্দ কৰা নেটৱৰ্ক18 ডিজিটেল সকলোতকৈ আগত।

  • Share this:
সকলোতকৈ দ্ৰুত আৰু সঠিক নিৰ্বাচনী ফলাফল আগবঢ়াই নেটৱৰ্ক18 ডিজিটেলে নিৰ্বাচনী কাভাৰেজৰ ক্ষেত্ৰত এক নতুন ইতিহাস ৰচনা কৰিছে। ২৩মে’ৰ দিনা নেটৱৰ্ক18ৰ ডিজিটেল ৱেবছাইটসমূহ ব্যৱহাৰ কৰিলে মুঠ ৫৬.২ মিলিয়ন ব্যৱহাৰকাৰীয়ে। টাইমছ ইণ্টাৰনেটে সেই দিনটোত মুঠ ৫৫মিলিয়ন ব্যৱহাৰকাৰী লাভ কৰাৰ কথা নিজে স্বীকাৰ কৰিছিল আৰু সেই দিশৰ পৰা নেটৱৰ্ক18 ডিজিটেলে সৰ্বাধিক ব্যৱহাৰকাৰীৰে শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে।

Times Internetৰ বিজ্ঞাপনত তেওঁলোকে স্বীকাৰ কৰিছে ৫৫মিলিয়ন ব্যৱহাৰকাৰী পোৱাৰ কথা।


Network18ৰ ডিজিটেল প্লেটফৰ্মৰ ভিতৰত আছে News18.com, Firstpost.com, Moneycontrol.com আৰু CNBCTV18.com, এই আটাইকেইটা প্লেটফৰ্মে  টাইমছ অব ইণ্ডিয়া, ইক’নমিক টাইমছ, নৱভাৰত টাইমছ আৰু টাইমছ নাও ৱেবছাইটৰ একত্ৰিত শক্তিক পৰাহত কৰিছে।

নিৰ্বাচনী ক্ষেত্ৰত নিয়োজিত সহস্ৰাধিক সাংবাদিকৰ লগতে উন্নত মানৰ প্ৰডাক্ট, ডিজাইন আৰু প্ৰযুক্তিৰ বলত Network18ৰ নিৰ্বাচনী কাভাৰেজ হৈ ৰয় সৰ্বশ্ৰেষ্ঠ। আন কোনেও দেখুৱাব নোৱাৰা শক্তিৰে নেটৱৰ্ক18-এ নিজৰ অনলাইন পৰাক্ৰম দেখুৱালে।

News18.com হৈছে ১২টা ভাষাত উপলব্ধ ভাৰতৰ সৰ্ববৃহৎ বহুভাষিক ডিজিটেল নিউজ মাধ্যম। Firstpost হৈছে দেশৰ শীৰ্ষস্থানীয় অপিনিয়ন ৱেবছাইট আৰু Moneycontrol হৈছে দেশৰ ব্যৱসায়িক ডিজিটেল লক্ষ্যস্থান।

একক উদ্ভাৱনী শৈলীৰে নিৰ্বাচনী ফলাফল ঘোষণা কৰা Network18 ডিজিটেলে সকলো অভিলেখ ভংগ কৰি দৰ্শকক নিজৰ কাষলৈ টানি আনে।

সকলোতকৈ আগত আৰু সঠিক ফলাফল প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত Network18ৰ এক সুনাম আছে আৰু প্ৰতিবাৰৰ দৰে এইবাৰো অভিলেখ সংখ্যক ব্যৱহাৰকাৰীয়ে নিজৰ বিশ্বাস অটুট ৰাখিলে।

২৩ মে’ৰ দিনা দেশে দুটা সিদ্ধান্ত প্ৰদান কৰে–প্ৰথম লোকসভাত বিজেপিৰ সপক্ষে আৰু দ্বিতীয়টো নিৰ্বাচনী ফলাফলৰ খবৰ দিয়াৰ ক্ষেত্ৰত Network18 ডিজিটেলৰ সপক্ষে। সমগ্ৰ দেশে কোনো বিচ্যুতি নঘটাকৈ মনোনিবেশ কৰে নেটৱৰ্ক18ৰ ডিজিটেল প্লেটফৰ্মত।
First published: May 29, 2019, 5:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading