• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • বিয়াৰ পিছত প্ৰথম কৰবা চৌথ, গান গাই গাই স্বামীৰ মুখ চালে নেহাই!

বিয়াৰ পিছত প্ৰথম কৰবা চৌথ, গান গাই গাই স্বামীৰ মুখ চালে নেহাই!

ৰঙা সাজত স্বামী ৰোহণক লগত লৈ গানৰ মাজেৰেই স্বামীৰ মুখ চালে নেহাই।

ৰঙা সাজত স্বামী ৰোহণক লগত লৈ গানৰ মাজেৰেই স্বামীৰ মুখ চালে নেহাই।

ৰঙা সাজত স্বামী ৰোহণক লগত লৈ গানৰ মাজেৰেই স্বামীৰ মুখ চালে নেহাই।

  • Share this:
প্ৰথমে মানুহে ভাবিছিল নেহাই এইবাৰো বিয়াক লৈ পাব্লিচিটী ষ্টাণ্ট কৰিছে। কাৰণ, ইয়াৰ পূৰ্বেও বহুবাৰ নেহাৰ বিয়াক লৈ বাৰে বাৰে খবৰ ওলাইছিল আৰু পিছত গম পোৱা যায় যে এয়া পাব্লিচিটীহে আছিল। কিন্তু এইবাৰ সকলোকে আচৰিত কৰি পেলালে নেহাই। প্ৰথম ভিডিঅ’ প্ৰকাশ কৰি, পিছত এখনৰ পিছত আনখন ছবি পোষ্ট কৰি নেহাই বুজাই দিলে, এইবাৰ বিয়াৰ খবৰ এশ শতাংশ সত্য। আৰু ৰোহণপ্ৰীতেই তেওঁৰ জীৱনসংগী।

ইয়াৰ পূৰ্বে উদিত নাৰায়ণৰ পুত্ৰ আদিত্য নাৰায়ণৰ সৈতে বহুবাৰ নেহাৰ নাম সাঙোৰ খাইছিল। আনকি, আদিত্যৰ সৈতে প্ৰেমৰ কথা ব্যাপকভাৱে প্ৰচাৰ হৈছিল। ওলাইছিল দুয়োৰে বিয়াৰ কথাও। কিন্তু সেই খবৰ আছিল গুজবহে।








View this post on Instagram





#MehendiDaRang 🥰♥️ @rohanpreetsingh @itsjassilohka @rana_sotal Love This Song! #NehuPreet


A post shared by Neha Kakkar (Mrs. Singh) (@nehakakkar) on





ৰোহণপ্ৰীতৰ সৈতে বিয়াৰ পিছত এয়াই প্ৰথম কৰবা চৌথ নেহাৰ। সেয়ে এই দিনটো বিশেষ কৰি তুলিবলৈ নেহাই সহায় ল’লে বিশেষ গানৰ। ৰঙা সাজত স্বামী ৰোহণক লগত লৈ গানৰ মাজেৰেই স্বামীৰ মুখ চালে নেহাই।


ইনষ্টাগ্ৰামত গানৰ এই ভিডিঅ’ শ্বেয়াৰ কৰাৰ পিছতে ভাইৰেল হৈ পৰিছে।
Published by:Sanjay Kumar Das
First published: