• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • সুৰাপান কৰি ঘৰলৈ উভতিছে ৰোহণপ্ৰীত! সংসাৰত লাগিছে আউল! জনালে খোদ নেহা কক্কৰে!

সুৰাপান কৰি ঘৰলৈ উভতিছে ৰোহণপ্ৰীত! সংসাৰত লাগিছে আউল! জনালে খোদ নেহা কক্কৰে!

বিয়াৰ কেইমাহমানৰ পিছতে আৰম্ভ হ'ল কাজিয়া! সঁচাকৈয়ে আউল লাগিছে নেকি নেহা কক্কৰ আৰু ৰোহণপ্ৰীতৰ সংসাৰত?

বিয়াৰ কেইমাহমানৰ পিছতে আৰম্ভ হ'ল কাজিয়া! সঁচাকৈয়ে আউল লাগিছে নেকি নেহা কক্কৰ আৰু ৰোহণপ্ৰীতৰ সংসাৰত?

বিয়াৰ কেইমাহমানৰ পিছতে আৰম্ভ হ'ল কাজিয়া! সঁচাকৈয়ে আউল লাগিছে নেকি নেহা কক্কৰ আৰু ৰোহণপ্ৰীতৰ সংসাৰত?

  • Share this:
নেহা কক্কৰ! বলীউদৰ জনপ্ৰিয় গায়িকাসকলৰ মাজৰ অন্যতম। সাম্প্ৰতিক সময়ত আটাইতকৈ বেছি গীত নেহা কক্কৰৰ কণ্ঠতে শুনিবলৈ পোৱা যায়। কেইমাহ মান পূৰ্বে নেহা কক্কৰ পাঞ্জৱী গায়ক ৰোহণপ্ৰীত সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

নেহাৰ বিয়াখনো এখন চিনেমাতকৈ কম নহয়! আদিত্য নাৰায়ণৰ সৈতে বিয়া হ'ব বুলি এটা সময়ত সৰ্বত্ৰ প্ৰচাৰ চলিছিল। কিন্তু পিছত সেয়া যে এটা মিউজিক ভিডিওৰ প্ৰচাৰ আছিল, সেই কথা পোহৰলৈ আহে। ইয়াৰ পিছত ৰোহণপ্ৰীতৰ সৈতেও সম্পৰ্কৰ কথা নেহাই এক ছচিয়েল মিডিয়াৰ পোষ্ট যোগে জনাইছিল। কিন্তু নেহাৰ সেই পোষ্টকো বহুতে সন্দেহৰ চকুৰে চাইছিল। বিশাল দদলানিয়ে কৈছিল- সঁচাকৈ নেহাই বিয়া কৰাইছে নেকি? নে এয়াও মিছা কথা!

বিয়াৰ দুমাহৰ পিছত নেহাই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে প্ৰেগনেণ্ট ফটো। আকৌ চৰ্চা চলিল ছচিয়েল মিডিয়াত। দেখা গ'ল যে, সেয়াও আছিল এলবাম ৰিলিজৰ প্ৰচাৰ।




সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈছে নেহা কক্কৰৰ এটা ভিডিও। ভিডিওটোত দেখা গৈছে যে, নেহা গাড়ীত বহি আছে। মুখত দুখৰ চিন। হঠাৎ হানি সিং আৰু নেহা কক্কৰৰ জনপ্ৰিয় গীত- 'চাইয়া জী' বাজিবলৈ আৰম্ভ কৰিলে। আৰু সেই গীত নিজেও গুণগুণাই নেহা কক্কৰে।

এই ভিডিও ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি নেহাই লিখিলে- 'চাইয়া জী অন মাই মাইণ্ড'। এই ভিডিও দেখাৰ পিছতে এজনে কমেণ্টত লিখিলে- 'এয়া কি সঁচা অভিযোগ নেকি?  এজনে লিখিলে- 'ৰোহনপ্ৰীতক মদ এৰোৱাৰ পৰা নাই কিয়?' আন এজনে লিখিলে- 'অলপ অলপ সকলোৱেই খায়।'
Published by:Himangshu Bhuyan
First published: