ছোৱালীয়ে সাধাৰণতে নিজৰ বয়স আৰু ওজনৰ কথা ক’বলৈ টান পায় আৰু কোনোবাই সুধিলে আওপকীয়া উত্তৰ দিয়া দেখা যায়। কিন্তু ইয়াৰ মাজতে তাৰকা শিল্পী নেহা কক্কৰে নিজৰ অনুৰাগীসকলক মুকলিকৈ জনালে নিজৰ কথা। নিজৰ কণ্ঠৰে মানুহৰ মন জয় কৰা নেহাই এক ইনষ্টাগ্ৰাম পষ্টত শেহতীয়াকৈ মুকলি কৰিছে যে তেওঁৰ আচলতে ওজন কিমান কিলোগ্ৰাম।
ইনষ্টাগ্ৰাম পষ্টটোত নেহাই লিখিছে, পৰমিশে কৈছে মই ভাগৰিছো, আপোনাৰ ইমান ওজন।নেহাই লগতে লিখে অৱশ্যে ই লগতে সদায় কয় যে মই সকলোতকৈ মৰমলগা আৰু মইও একেই অনুভৱ কৰো। বাৰু মোৰ ওজন ৪৩ কিলোগ্ৰাম আৰু আপোনাৰ কিমান?
এই পষ্টত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পৰমিশে লিখে, আপুনি সঁচাকৈ বৰ ভাল মানুহ।
নেহাৰ পষ্টত অনুৰাগীসকলৰ যথেষ্ট কমেণ্ট দেখিবলৈ পোৱা গৈছে। আপোনাৰ উচ্চতা আৰু ওজনক লৈ কোনো সমস্যা নাই। উল্লেখ্য যে, নেহা আৰু পাঞ্জাৱী গায়ক পৰমিশ বৰ্মাৰ যুটী শীঘ্ৰেই সন্মুখলৈ আহিব আৰু তেওঁলোকৰ নতুন গান ‘ডায়মণ্ড দা ছল্লা’ ২৬ আগষ্টত মুকলি হ’ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|