Neeraj Chopra Wins Gold : নীৰজ চোপ্ৰাই জয় কৰিলে সোণৰ পদক, অলিম্পিকৰ ইতিহাসত ভাৰতৰ হৈ দ্বিতীয়টো সোণ জয় কৰি ৰচিলে ইতিহাস।
Neeraj Chopra Wins Gold : নীৰজ চোপ্ৰাই জয় কৰিলে সোণৰ পদক, অলিম্পিকৰ ইতিহাসত ভাৰতৰ হৈ দ্বিতীয়টো সোণ জয় কৰি ৰচিলে ইতিহাস।
টকিঅ' অলিম্পিক (Tokyo Olympics 2020)ত প্ৰথমটো সোণৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে নীৰজ চোপ্ৰা (Neeraj Chopra)ই। টকিঅ' অলিম্পিকৰ গোল্ডেন বয় হ'ল নীৰজ চোপ্ৰা।
৮৭.৫৮ মিটাৰ যাঠি দলিয়াই সোণৰ পদক জয় কৰিলে নীৰজ চোপ্ৰাই। অলিম্পিকত সোণৰ পদক জয় কৰা দ্বিতীয়গৰাকী ভাৰতীয় হ'ল নীৰজ চোপ্ৰা।
জেভেলিন থ্ৰোত সোণৰ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় এথলীটৰ অভিলেখ ৰচিলে নীৰজ চোপ্ৰাই।
ইয়াৰ পূৰ্বে ছুটাৰ অভিনৱ বিন্দ্ৰাই ২০০৮ চনত বেইজিং অলিম্পিকত ভাৰতৰ হৈ ব্যক্তিগত ভাৱে প্ৰথমটো সোণৰ পদক জয় কৰিছিল।
টকিঅ' অলিম্পিকত ভাৰতে এটা সোণৰ পদকসহ জয় কৰিলে মুঠ ৭টা পদক। ভাৰতে এটা সোণ, দুটা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক জয় কৰিলে টকিঅ' অলিম্পিকত ।
অলিম্পিকৰ ইতিহাসত এয়া ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। লণ্ডন অলিম্পিকত ভাৰতে জয় কৰিছিল ৬টা পদক।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|