ভাৰতীয় সেনা বাহিনীৰ ছুবেদাৰ নীৰজ চোপ্ৰাই ৮৭.৫৮ মিটাৰ যাঠি (Javelin) দলিয়াই টকিঅ' অলিম্পিক (Tokyo Olympics)ত সোণৰ পদকেৰে ইতিহাস ৰচনা কৰিলে। ২৩ বছৰীয়া নীৰজে অলিম্পিকৰ ইতিহাসত এথেলেটিকছৰ ট্ৰেক এণ্ড ফিল্ড (Track And field )ত সোণৰ পদক (Gold Medal) ভাৰতৰ হাতত অৰ্পণ কৰিবলৈ সক্ষম হয়। টকিঅ' অলিম্পিকত ভাৰতৰ ববে এইটো সপ্তম পদক আছিল, যিটো ভাৰতে অলিম্পিকত কৰা সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল। ইয়াৰ পূৰ্বে ২০১২ বৰ্ষৰ লণ্ডন অলিম্পিক (London Olympics)ত ভাৰতীয় এথলীটে ৬টা মেডেল নিজৰ নামত কৰছিল।
নীৰজ চোপ্ৰাৰ সোণৰ পদক প্ৰাপ্তীত সকলোতকৈ বেছি অৰিহণা আছিল তেওঁৰ কঠোৰ অনুশীলনৰ। বিশেষ সূত্ৰৰ তথ্য অনুসৰি, সোণ বিজেতা নীৰজ চোপ্ৰাই যোৱা ৫ বছৰত ১৬১৭ দিন কঠোৰ ট্ৰেইনিঙতে দিন কটাইছিল। ইয়াৰে ভিতৰত ৪৫০ দিন ইউৰোপত কৰা ট্ৰেইনিঙো আছিল । ১ হাজাৰ ৬১৭ দিনৰ এই কঠোৰ প্ৰশিক্ষণৰ সময়ত নীৰজ চোপ্ৰাই ব্যৱহাৰ কৰিছিল ১৭৭ পাত যাঠি। নৱভাৰত টাইমছত প্ৰকাশিত এটা বাতৰি মতে এই ৫ বছৰীয়া প্ৰশিক্ষণৰ সময়ত নীৰজৰ নামত খৰচ হৈছিল ৭ কোটি টকা।
নীৰজৰ প্ৰয়োজন অনুসৰি তেওঁক বিদেশী প্ৰশিক্ষক আৰু ব্যক্তিগত ফিজিওথেৰাপিষ্ট দিয়া হৈছিল। নীৰজ চোপ্ৰাক টাৰ্গেট অলিম্পিক পডিয়াম আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু পুঁজিৰ কোনো অভাৱ হ'বলৈ দিয়া নাছিল।
নীৰজ চোপ্ৰাক যোগান ধৰা হৈছিল ৭৫ লাখ টকীয়া জেভেলিন মেছিন। বিদেশত প্ৰশিক্ষণ লোৱাৰ লগতে নীৰজে ১১৬৭ দিন পাটিয়ালাৰ NISতো প্ৰশিক্ষণ লৈছিল। প্ৰশিক্ষণৰ সময়ত নীৰজক ১৭৭ পাত যাঠি দিয়াৰ লগতে প্ৰায় ৭৫ লাখ টকাৰ জেভেলিন মেছিনো যোগান ধৰা হৈছিল। আৰু নীৰজে আশা কৰা ধৰণেই অলিম্পিকত সোণৰ পদক জয় কৰি সকলো কষ্ট আৰু খৰচ যেন সূতে-মূলে আদায় কৰি দিলে দেশবাসীক।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|