টকিঅ' অলিম্পিকত স্বৰ্ণ জয় কৰি ভাৰতৰ ক্ৰীড়াৰ ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰিলে নীৰজ চোপ্ৰা (Neeraj Chopra)ই। দেশক গৌৰৱান্বিত কৰা এইগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে সোণৰ পদক জয় কৰাৰ পিছতে ব্যক্ত কৰিলে নিজৰ প্ৰতিক্ৰিয়া।
নীৰজে কয়, "অলিম্পিকৰ পূৰ্বে দুই-তিনিখন প্ৰতিযোগিতাত ভাগ লোৱাটো মোৰ বাবে সহায়ক হৈছিল। সেয়ে মোৰ ওপৰত কোনো ধৰণৰ চাপ নাছিল, মই মোৰ প্ৰদৰ্শন উন্নত কৰাত মনোযোগ দিব পাৰিছিলোঁ।" নিউজ এজেন্সী ANIয়ে ছচিয়েল মিডিয়াত ছেয়াৰ কৰিছে নীৰজৰ ভাষ্য-
উল্লেখ্য যে ভাৰতৰ অলিম্পিক ইতিহাসত লীৰজ চোপ্ৰা হৈছে সোণৰ পদক জয় কৰা দ্বিতীয় গৰাকী ভাৰতীয় খেলুৱৈ।
নীৰজ চোপ্ৰাই ৮৭.৫৮ মিটাৰ দূৰত্ব যাঠি দলিয়াই জেভলিন থ্ৰো খেলত সোণৰ পদক জয় কৰিছে। টকিঅ' অলিম্পিকত সোণৰ পদক জয় কৰা একমাত্ৰ ভাৰতীয় খেলুৱৈ হৈছে নীৰজ চোপ্ৰা।
Published by: Manjumoni Borah
FIRST PUBLISHED : August 07, 2021, 22:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।