মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Neeraj Chopra Long Hair : নীৰজ চোপ্ৰাই কিয় কাটিলে দীঘল চুলি, অলিম্পিক জয় কৰি আহি ক'লে আঁৰৰ ৰহস্য

Neeraj Chopra Long Hair : নীৰজ চোপ্ৰাই কিয় কাটিলে দীঘল চুলি, অলিম্পিক জয় কৰি আহি ক'লে আঁৰৰ ৰহস্য

"মই হেডবেণ্ড আৰু টুপী পিন্ধিও চেষ্টা কৰি চাইছিলোঁ, কিন্তু বাৰ বাৰ ই মোৰ চকুলৈ নামি আহিছিল। তেতিয়া মই ভাবিলোঁ যে চুলি পুনৰ দীঘল কৰিব পৰা যাব কিন্তু এতিয়া অলিম্পিকহে বেছি জৰুৰী।"

"মই হেডবেণ্ড আৰু টুপী পিন্ধিও চেষ্টা কৰি চাইছিলোঁ, কিন্তু বাৰ বাৰ ই মোৰ চকুলৈ নামি আহিছিল। তেতিয়া মই ভাবিলোঁ যে চুলি পুনৰ দীঘল কৰিব পৰা যাব কিন্তু এতিয়া অলিম্পিকহে বেছি জৰুৰী।"

  • Share this:
নীৰজ চোপ্ৰা (Neeraj Chopra) সাইলাখ এজন হিৰোৰ দৰে। তেওঁক লৈ যদি এখন চিনেমা নিৰ্মাণ হয় তেনেহ'লে অইন অভিনেতাৰ প্ৰয়োজনেই নহ'ব। ২৩ বছৰীয়া নীৰজে স্বাধীন ভাৰতক দিলে এথলেটিকছৰ প্ৰথমটো সোণৰ পদক। ভাৰতীয় ক্ৰীড়াৰ পোষ্টাৰ বয় হৈ পৰিল নীৰজ চোপ্ৰা আৰু অনন্ত কাললৈ নীৰজৰ নাম লিখা থাকিব সোণালী আখৰেৰে।

খেলৰ সমানে সমানে যদি আন কিবা কাৰণত নীৰজৰ চৰ্চা হৈছিল সেয়া আছিল নীৰজৰ সুন্দৰ দীঘল চুলি। ৰোমাণ্টিক হিৰোৰ দৰেই দেখনীয়াৰ নীৰজৰ চুলিৰ সৌন্দৰ্যও অতুলনীয়। ফেশ্যনেবল, ষ্টাইলিছ আৰু কুল নীৰজৰ হেয়াৰ ষ্টাইল হৈ পৰিছিল এক নতুন চিনাকী। কিন্তু আমি অলিম্পিকত দেখা নীৰজৰ শিৰত নাই সেই দীঘল চুলিকোছা। তেন্তে ক'লৈ গ'ল নীৰজৰ চুলি!

অলিম্পিকৰ কিছু পূৰ্বেই কোৱালিফিকেচন প্ৰতিযোগিতাৰ সময়তে হঠাৎ চুলি কাটি পেলাইছিল নীৰজে। কিয় কাটিছিল ক'লে নীৰজ চোপ্ৰাই।

“মই সৰুৰে পৰাই দীঘল চুলি ৰাখিছিলোঁ, কিন্তু শেহতীয়াকৈ ই মোক অসুবিধা কৰিব ধৰিছিল। কেইটামান প্ৰতিযোগিতাত মই যেতিয়া ঘামিছিলোঁ তেতিয়া চুলিবোৰ আহি চকুৰ সন্মুখতে পৰিছিলহি। মই হেডবেণ্ড আৰু টুপী পিন্ধিও চেষ্টা কৰি চাইছিলোঁ, কিন্তু বাৰ বাৰ ই মোৰ চকুলৈ নামি আহিছিল। তেতিয়া মই ভাবিলোঁ যে চুলি পুনৰ দীঘল কৰিব পৰা যাব, কিন্তু এতিয়া অলিম্পিকহে বেছি জৰুৰী।" ভাৰতলৈ উভতি আহি এক সম্বৰ্ধনা সমাৰোহত এই মন্তব্য কৰিলে নীৰজ চোপ্ৰাই।


নীৰজে আৰু কয়, "এই সোণৰ পদক মোৰ নহয়, সমগ্ৰ ভাৰতৰ।"

শেহতীয়া বাতৰি