নীৰজ চোপ্ৰাই (Neeraj Chopra) টকিঅ’ অলিম্পিকত (Tokyo Olympics) স্বৰ্ণপদক দখল কৰি সমগ্ৰ দেশলৈ কঢ়িয়াই আনিছে গৌৰৱ। ইতিহাসৰ পাতত সোণালী আখৰেৰে লিখিলে নিজৰ নাম। তেওঁ ৮৭.৫৮ মিটাৰ জেভলিন থ্ৰ’ৰ সৈতে ভাৰতক স্বৰ্ণপদক উপহাৰ দিয়াৰ লগতে শতবৰ্ষ পুৰণি অপেক্ষাৰ অন্ত পেলালে। নীৰজৰ এই সফলতাৰ কাহিনী জাৰ্মানীৰ মহান খেলুৱৈ উৱে হনে লিখিছে। ৫৯ বছৰীয়া হন একমাত্ৰ খেলুৱৈ, যিয়ে জেভলিন ১০০ মিটাৰ দূৰত্ব পাৰ কৰিছে। ১৯৮৪ত হনে ১০৪.৮ মিটাৰ দূৰত্ব জেভলিন থ্ৰ’ কৰি বিশ্ব অভিলেখ ৰচিছিল।
অৱশ্যে উৱে হনে পুৰণি জেভলিনেৰে এই অভিলেখ ৰচিছিল। ১৯৮৬ত নতুন ডিজাইনৰ জেভলিনেৰে জেভলিন থ্ৰ’ৰ ইভেণ্ট হ’বলৈ লয়। নতুন ডিজাইনৰ জেভলিনৰ সৈতে বিশ্ব অভিলেখ এতিয়া জেন জেলেগনীৰ নামত আছে, যিয়ে জাৰ্মানীত এক ইভেণ্টত ৯৮.৪৮ মিটাৰ দলিয়াইছিল। এই অভিলেখ ১৯৯৬ চনত ৰচিছিল জেনে।
নীৰজৰ দৰেই হনেও কেৱল ১৯ বছৰ বয়সতে চমক দিবলৈ আৰম্ভ কৰিছিল। তেওঁ ১৯৮১ চনত ইউৰোপীয়ান জুনিয়ৰ চেম্পিয়নশ্বীপত অভিলেখ ৮৬.৫৮ মিটাৰ দূৰত্ব জেভলিন দলিয়াইছিল। ইয়াৰ পিছত ১৯৮২ চনত হোৱা ইউৰোপীয়ান চেম্পিয়নশ্বীপত ৯১.৩৪ মিটাৰ দূৰত্ব অতিক্ৰম কৰে। হনে ১৯৮৪ চনত হোৱা লছ এঞ্জেলেছ অলিম্পিকত ভাগ লোৱাৰ পৰা দূৰত আছিল, কিয়নো তেতিয়া পূব জাৰ্মানীয়ে আমেৰিকাৰ বিৰোধিতাৰে এই খেলৰ বহিষ্কাৰ কৰিছিল। অৱশ্যে তেওঁ ২০ জুলাই ১৯৮৪ত বাৰ্লিনত হোৱা এথলেটিকছ মীটত ১০৪.৮ মিটাৰ দূৰত্বত জেভলিন দলিয়াই বিশ্ব ৰেকৰ্ড গঢ়িছিল। ইয়াৰ ফলত হনৰ অলিম্পিক পদক হেৰুওৱাৰ দুখ থাকি গ’ল। এক সাক্ষাৎকাৰত হনে কৈছিল, ‘‘মই নিজৰ ভুল নথকাৰ পিছতো অলিম্পিকৰ পৰা আঁতৰিবলগীয়া হৈছিল, মই স্বৰ্ণপদক জিকিব পাৰিলোহেঁতেন।’’
অলিম্পিকত হনে পদক জিকিব নোৱাৰিলেও ১৯৮৫ চনত তেওঁ আইএএএফ বিশ্বকাপত ৯৬.৯৬ মিটাৰ জেভলিন দলিয়াই স্বৰ্ণপদক দখল কৰিছিল।
উল্লেখযোগ্য যে উৱে হনক গুৰু মানি লোৱাৰ পিছত নীৰজে সফলতাৰ জখলাত আৰোহণ কৰিছে। প্ৰশিক্ষক হনৰ নেতৃত্বতে নীৰজে কমনৱেল্থ গেমছ ২০১৮ত ৮৬.৪৭ মিটাৰ দলিয়াই স্বৰ্ণপদক দখল কৰে। ইয়াৰ পিছত ডায়মণ্ড লীগ ২০১৮ৰ দোহা লীগত ৮৭.৪৩ মিটাৰ দলিয়াই নিজৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তিগত প্ৰদৰ্শন কৰে। তেওঁ এছিয়ান গেমছতো ৮৮.০৬ মিটাৰ দলিয়াই জয়ী হৈছিল।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 08, 2021, 09:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।