টকিঅ' অলিম্পিকত ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক দখল কৰা নীৰজ চোপ্ৰাই তেওঁৰ স্বৰ্ণ পদক উৎসৰ্গিত কৰিলে কিংবদন্তি খেলুৱৈ মিলখা সিঙলৈ। অলিম্পিকৰ পডিয়ামত স্বৰ্ণ পদক গ্ৰহণ কৰাৰ পিছতে এইদৰে প্ৰয়াত মিলখা সিঙলৈ নিজৰ সোণৰ পদকটো উছৰ্গা কৰে।
অলিম্পিক (Tokyo Olympics 2020)ত যাঠি দলিওৱা (Javelin Throw) খেলত প্ৰথমস্থান দখল কৰি সোণৰ পদক জয় কৰি ইতিহাস ৰচিছে নীৰজ চোপ্ৰা (Neeraj Chopra)ই। ৮৭.৫৮ মিটাৰ দূৰত্ব যাঠি দলিয়াই ট্ৰেক এণ্ড ফিল্ড এথলেটিকছত ভাৰতৰ হৈ প্ৰথমটো অলিম্পিক মেডেল জয় কৰি অভিলেখ ৰচিলে নীৰজ চোপ্ৰাই। অলিম্পিকৰ স্বৰ্ণ জয় কৰি ভাৰতৰ ক্ৰীড়া ইতিহাসত স্বৰ্ণিল অধ্যায় ৰচনা কৰা নীৰজ চোপ্ৰাই উৰন্ত শিখ (Flying Sikh) মিলখা সিঙ (Milkha Singh)লৈ নিজৰ সোণৰ পদকটো উছৰ্গা কৰিলে। উল্লেখ্য যে কিছুদিন পূৰ্বে কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হৈছিল মিলখা সিঙৰ।
সোণৰ পদক জয় কৰাৰ পিছতে ত্ৰিৰংগা পতাকা উৰুৱাই গোটেই ষ্টেডিয়ামখনতেই ঘুৰে নীৰজ চোপ্ৰাই। উল্লেখ্য যে অভিনৱ বিন্দ্ৰা (Abhinav Bindra)ৰ পিছত ব্যক্তিগত শিতানত অলিম্পিকৰ সোণৰ পদক জয় কৰা দ্বিতীয় খেলুৱৈ হৈছে নীৰজ চোপ্ৰা।
স্বৰ্ণ কৰাৰ পিছতেই নীৰজ চোপ্ৰাই কয়, মই এই সোণৰ পদক মিলখা সিঙলৈ উৎসৰ্গিত কৰিছোঁ। মই ভাবোঁ তেওঁ মোক সৰগৰ পৰা চাই আৰু আশীৰ্বাদ দিছে... মই সোণ জয় কৰিম বুলি ভবা নাছিলোঁ, কিন্তু কিবা এটা কৰাৰ মন বান্ধিয়েই আহিছিলোঁ...মই অলিম্পকৰ অভিলেখ ভংগ কৰাৰ ইচ্ছা কৰিছিলোঁ।
মিলখা সিঙৰ লগতে সোণৰ পদক জয় কৰি পি টি উষাৰ নামো লয় নীৰজ চোপ্ৰাই। নীৰজে কয়, "এই পদক পি টি উষাৰ বাবেও যি অলিম্পিকৰ পদকৰ নিচেই কাষ চাপিও পদক লাভ নকৰিলে।" তেওঁ আৰু কয যে "যেতিয়া ত্ৰিৰংগা উপৰলৈ উঠি আছিল আৰু ৰাষ্ট্ৰীয় সংগীত বাজি আছিল তেতিয়া কান্দি দিওঁ যেন লাগিছিল।"
আৰম্ভণিৰে পৰাই যাঠি দলিওৱাত নীৰজক সোণৰ পদকৰ প্ৰৱল দাবীদাৰ মানি অহা হৈছিল আৰু তেওঁ সেয়া সত্য প্ৰমাণ কৰি দেখুৱালে।
Published by: Manjumoni Borah
FIRST PUBLISHED : August 07, 2021, 20:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।