লক ডাউনৰ বাবে ATMলৈ যাব পৰা নাই নেকি? ঘৰতে বহি লাভ কৰিব কেছ ডেলিভাৰী!

News18 Assam | News18-Assam
Updated:March 25, 2020, 8:52 AM IST
লক ডাউনৰ বাবে ATMলৈ যাব পৰা নাই নেকি? ঘৰতে বহি লাভ কৰিব কেছ ডেলিভাৰী!
ভাৰতীয় ষ্টেট বেংক, আইচিআইচিআই, এক্সিছ, কোটাকৰ দৰে বৃহৎ বেংকে গ্ৰাহকৰ বাবে আগবঢ়াইছে এই সুবিধা।

ভাৰতীয় ষ্টেট বেংক, আইচিআইচিআই, এক্সিছ, কোটাকৰ দৰে বৃহৎ বেংকে গ্ৰাহকৰ বাবে আগবঢ়াইছে এই সুবিধা।

  • Share this:
কোৰোণা ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশজুৰি ২১ দিনলৈ ঘোষণা কৰা হৈছে লকডাউন। এনে সময়ত যদি কোনো কামৰ বাবে নগদ ধনৰ প্ৰয়োজন হয় আৰু আপোনাৰ হাতত নাথাকে, তেন্তে চিন্তাৰ প্ৰয়োজন নাই। এই সময়ত আপুনি ঘৰতে থাকি লাভ কৰিব টকা। ভাৰতীয় ষ্টেট বেংক, আইচিআইচিআই, এক্সিছ, কোটাকৰ দৰে বৃহৎ বেংকে গ্ৰাহকৰ বাবে আগবঢ়াইছে এই সুবিধা।

কেনেকৈ পাব টকা?
আইচিআইচিআই বেংকৰ ৱেবছাইটৰ মতে ঘৰতে কেছ ডেলিভাৰীৰ বাবে বেংকৰ ৱেবছাইটত Bank@homeservice সেৱা লগইন কৰিব লাগিব বা গ্ৰাহকে ফোন কৰিও এই সুবিধা গ্ৰহণ কৰিব পাৰে। নগদ ধনৰ বাবে পুৱা ৯ বজাৰ পৰা দুপৰীয়া ২ বজালৈ অনুৰোধ জনাব পাৰে। দুঘণ্টাৰ ভিতৰত আপোনাৰ প্ৰয়োজনীয় ধন আপুনি লাভ কৰিব। ২ হাজাৰৰ পৰা ২ লাখ পৰ্যন্ত আপুনি উলিয়াব পাৰে ধন। ইয়াৰ ওপৰত ৫০ টকাৰ এক মাচুল আৰু ইয়াৰ চাৰ্জৰ ওপৰত ১৮ শতাংশ সেৱা কৰ ধৰি ৬০ টকা ভৰিব লাগিব গ্ৰাহকে।

SBI গ্ৰাহকে ২৫ হাজাৰ টকাপৰ্যন্ত উলিয়াব পাৰিব
এছ বি আয়েও গ্ৰাহকলৈ আগবঢ়াইছে নিজৰ ঘৰতে নগদ ধন উলিওৱা আৰু জমা কৰাৰ সুবিধা। বৰ্তমান এই সুবিধা কেৱল জ্যেষ্ঠ নাগৰিক, দিব্যাংগ বা বিশেষ পঞ্জীকৃত গ্ৰাহকসকলৰ বাবে উপলব্ধ কৰোৱা হৈছে। ইয়াৰ কৰ ১০০ টকা। আনহাতে, এইচ ডি এফ চিয়েও ঘৰতে নগদ ধন যোগান ধৰাৰ সুবিধা প্ৰদান কৰিছে। ৫ হাজাৰৰ পৰা ২৫ হাজাৰ পৰ্যন্ত উলিয়াব পাৰিব গ্ৰাহকে। ইয়াৰ বাবে ১০০ৰ পৰা ২০০ টকা পৰ্যন্ত কৰ ভৰিব লাগিব। কোটক, এক্সিছ আৰু আন বেংকেও কিছু চৰ্তৰ বিনিময়ত এই সুবিধা প্ৰদান কৰিছে। ধন বিচাৰি অনুৰোধ কৰিবৰ বাবে বেংকৰ এপ ব্যৱহাৰ কৰিব পাৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি