জুপুৰীৰ পৰা মন্ত্ৰীসভালৈ, দেশৰ আটাইতকৈ দুখীয়া সাংসদজন

উৰিষ্যাৰ মোদীঃ যাৰ নাই কোনো ডাঙৰ ঘৰ,বিলাসী গাড়ী, আছে মাথো জনসমৰ্থন!

news18assam
Updated:May 31, 2019, 11:59 AM IST
জুপুৰীৰ পৰা মন্ত্ৰীসভালৈ, দেশৰ আটাইতকৈ দুখীয়া সাংসদজন
উৰিষ্যাৰ মোদীঃ যাৰ নাই কোনো ডাঙৰ ঘৰ,বিলাসী গাড়ী, আছে মাথো জনসমৰ্থন!
news18assam
Updated: May 31, 2019, 11:59 AM IST
নাম প্ৰতাপ চন্দ্ৰ সাৰেংগী। আজীৱন সমাজসেৱাৰ নামতেই উচৰ্গিত কৰিছে নিজৰ জীৱন। ইতিমধ্যে উৰিষ্যাৰ নীলাগিৰি বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ হৈ দুবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা প্ৰতাপ চন্দ্ৰ সাৰেংগীৰ নাই ডাঙৰ ঘৰ, বিলাসী গাড়ী, জনসাধাৰণৰ মাজত সাধাৰণ ভাবে জীৱন নিৰ্বাহ কৰা সাৰেংগী দুবাৰকৈ বিধায়ক নিৰ্বাচিত হৈও এইবাৰ লোকসভাৰ এগৰাকী দুখীয়া সাংসদ হিচাপে পৰিগণিত হৈছে।



নিজৰ সাধাৰণ জীৱন যাপনৰ বাবে সদায়েই চৰ্চাত থাকে প্ৰতাপ চন্দ্ৰ সাৰেংগী। উৰিষ্যাৰ নীলাগিৰি সমষ্টিৰ পৰা দুবাৰ বিধায়ক হিচাপে জয়লাভ কৰা প্ৰতাপ চন্দ্ৰই কোনো দিন ভিভিআইপিৰ আচৰণ কৰা নাই। সদায় সাধাৰণ মানুহৰ দৰে চলাই নিচে নিজৰ জীৱনটো।



২০১৯ ৰ লোকসভা নিৰ্বাচনত প্ৰতাপ সাৰেংগীয়ে BJDৰ কোটিপতি সাংসদ ৰবীন্দ্ৰ কুমাৰ জেনাক পৰাস্ত কৰি লোকসভালৈ নিৰ্বাচিত হৈছে। উৰিষ্যাৰ মোদী হিচাপে জনাজাত প্ৰতাপ চন্দ্ৰ সাৰেংগীয়ে এইবাৰ মোদী মন্ত্ৰীসভাত এগৰাকী ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে।

আৰু চাওক পৰৱৰ্তী বাতৰি