মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »NCLATৰ আদেশ– চাইৰাছ মিস্ত্ৰীক আকৌ দিয়ক টাটা গ্ৰুপৰ চেয়াৰমেনৰ দায়িত্ব, এন চন্দ্ৰশেখৰনৰ নিযুক্তি অবৈধ ঘোষণা

NCLATৰ আদেশ– চাইৰাছ মিস্ত্ৰীক আকৌ দিয়ক টাটা গ্ৰুপৰ চেয়াৰমেনৰ দায়িত্ব, এন চন্দ্ৰশেখৰনৰ নিযুক্তি অবৈধ ঘোষণা

Source-Google

নেচনেল কোম্পানী ল’ এপিলেট ট্ৰিবিউনেলে বুধবাৰে চাইৰাছ মিস্ত্ৰীৰ পক্ষত দিয়ে ৰায়দান। ন্যায়ালয়ে মিস্ত্ৰীক আঁতৰোৱাৰ সিদ্ধান্ত ভুল বুলি উল্লেখ কৰে।

  • Share this:
নেচনেল কোম্পানী ল’ এপিলেট ট্ৰিবিউনেলে বুধবাৰে চায়ৰাছ মিস্ত্ৰীৰ পক্ষত ৰায়দান কৰে। চায়ৰাছ মিস্ত্ৰীক আকৌ টাটা গ্ৰুপৰ ষষ্ঠজন চেয়াৰমেন হিচাপে নিযুক্তি দিবলৈ আদেশ দিয়ে ট্ৰিবিউনেলে। লগতে ট্ৰিবিউনেলে এন চন্দ্ৰশেখৰনক নিযুক্তিক অবৈধ ঘোষণা কৰে।

উল্লেখযোগ্য যে, নেচনেল কোম্পানী ল’ ট্ৰিবিউনেলত চাইৰাছ মিস্ত্ৰী পৰাজয়বৰণ কৰাৰ পিছত মিস্ত্ৰীয়ে ‘Appellate Tribunal’ৰ কাষ চাপিছিল। ২০১৬ চনত টাটা গ্ৰুপে চাইৰাছ মিস্ত্ৰীক চেয়াৰমেন পদৰ পৰা অপসাৰিত কৰিছিল।



চাইৰাছ মিস্ত্ৰীক হঠাত্‍ চেয়াৰমেন পদৰ পৰা অপসাৰণ কৰা হৈছিল–

চাইৰাছ মিস্ত্ৰী, যিগৰাকী টাটা গ্ৰুপৰ চেয়াৰমেন আছিল।  কিন্তু ২০১৬ চনত  এক নাটকীয় ঘটনাক্ৰমে তেওঁক পদৰ পৰা আঁতৰাই দিয়া হৈছিল। ২০১২ চনৰ পৰা সেই দায়িত্বত আছিল চাইৰাছ মিস্ত্ৰী। কিন্তু পৰৱৰ্তী পৰ্যায়ত এন চন্দ্ৰশেখৰনক চেয়াৰমেন হিচাপে নিযুক্তি দিয়া হৈছিল।

শেহতীয়া বাতৰি