চলি আছে নৱৰাত্ৰি। এই সময়তে অহা শুকুৰবাৰে কন্যা ৰাশিত প্ৰৱেশ কৰিব শুক্ৰগ্ৰহ। আৰু ১৭ নৱেম্বৰলৈকে থাকিব কন্যা ৰাশিতে। আৰু এই সময়ছোৱাতে হাতলৈ ধন আহিব চাৰিটা বিশেষ ৰাশিৰ অন্তৰ্গত লোকৰ। জ্যোতিষ শাস্ত্ৰ মতে, শুক্ৰগ্ৰহে কন্যা ৰাশিত অৱস্থান কৰাৰ লগে লগে এই চাৰিটা ৰাশিৰ জাতক-জাতিকাৰ হাতলৈ আহিব ধন লাভৰ সুযোগ। লগতে এই কেইদিন বৃষ, মিথুন, কন্যা আৰু বৃশ্চিক ৰাশিৰ বাবে অত্যন্ত শুভ বুলিও বিবেচিত হৈছে।
১৭ নৱেম্বৰ পৰ্যন্ত এই ৰাশিৰ জাতক-জাতিকাৰ সমাজত মান-সন্মান বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আনকি সন্তান লাভৰ লগতে ধন লাভৰো সুযোগ আছে।
- এই কেইদিন এই ৰাশিৰ জাতক-জাতিকাৰ বাবেও অত্যন্ত শুভ বুলি চিহ্নিত হৈছে। ব্যৱসায়ীসকলৰ বাবে উন্নতিৰ সময়। লগতে ধনলাভৰ আশা আছে। লগতে সকলো ক্ষেত্ৰতে লাভ কৰিব পৰিয়ালৰ সহায়-সহযোগিতা।
- মিথুন ৰাশিৰ জাতক-জাতিকা এই সময়ছোৱাত অত্যন্ত সুখী হ’ব। কৰ্মক্ষেত্ৰত লাভ কৰিব সুফল। ঘৰলৈ আহিব নতুন বাহন, হাতলৈ ধন অহাৰ যুগ।
- নিজৰ কেৰিয়াৰ গঢ়াৰ বাবে শুভসময়। ধন লাভৰ লগতে অন্যান্য ক্ষেত্ৰতো লাভ কৰিব সুফল। জীৱনলৈ আহিব ধনাত্মক পৰিৱৰ্তন।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : October 21, 2020, 16:49 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।